অসম

assam

By

Published : Apr 14, 2019, 7:24 PM IST

ETV Bharat / state

"দালাল প্ৰমোদ বড়োৱে জাতিটোক বিক্ৰী কৰি খাইছে "

বিপিএফৰ কোকৰাঝাৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী প্ৰমিলা ৰাণী ব্ৰহ্মৰ হৈ চিৰাং জিলাৰ বিজনী শিলবাৰী আৰু বেংতলত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি এবচুৰ সভাপতি প্ৰমোদ বড়োত সমালোচনাৰে থকা সৰকা বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ ।

etv bharat

চিৰাং, ১৪ এপ্ৰিলঃ শনিবাৰে চিৰাং জিলাৰ বিজনী শিলবাৰী আৰু বেংতলৰ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰি বিস্ফোৰক মন্তব্য বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ । " নিজৰ নাম সলনি কৰি বেপাৰী প্ৰমোদ বুলি লিখক প্ৰমোদ বড়োৱে । প্ৰমোদ বড়োৱে এবছুত থাকি জাতিটোকহে বিক্ৰী কৰি খাইছে ।" এইকথা যদি প্ৰমোদ বড়োৱে অস্বীকাৰ কৰে প্ৰমানসহ দিম বুলিও প্ৰকাশ কৰে হাগ্ৰামা মহিলাৰীয়ে ।

বিপিএফৰ কোকৰাঝাৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী প্ৰমিলা ৰানী ব্ৰহ্মৰ হৈ চিৰাঙত নিৰ্বাচনী প্ৰচাৰ হাগ্ৰামাৰ

ইয়াৰোপৰিও তেওঁ কয় যে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ মুকলি বিৰোধিতা কৰা ইউ পি পিৰ বাবেও শোচনীয় হ'ব নিৰ্বাচনী ফলাফল । "ইউ পি পি য়ে অইন কোনো জনগোষ্ঠীৰ ভোট নাপায় মাথো বড়ো ভোট লৈ কোনোপধ্যেই জিকিব নোৱাৰে ইউ পি পিয়ে দল । মুঠতে প্ৰমোদ বড়ো আৰু এন ডি এফ বিক লগত লৈ কোনো দিনে জিকিব নোৱাৰে ইউ পি পি এলৰ প্ৰাৰ্থী উৰ্খাউ গৌৰা ব্ৰহ্ম ।" ইফালে, এ আই ইউ ডি এফৰ সন্দৰ্ভত তেওঁ কয় যে, বদৰুদ্দিন আজমল সদায় বিপিএফৰ লগতেই আছে । বদৰুদ্দিন আজমলে যিমানেই যি নকওক কিয় তেওঁ আচলতে আমাৰ লগতহে আছে ।

বিপিএফৰ কোকৰাঝাৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী প্ৰমিলাৰাণী ব্ৰহ্মৰ হৈ হেলিকপ্টাৰেৰে লৈ চিৰাং জিলাৰ বিজনী শিলবাৰী আৰু বেংতললৈ আহি এইদৰে ঘোৰ কটাক্ষ কৰে বিৰোধী দল তথা প্ৰাৰ্থীসকলে । ইয়াৰোপৰিও, প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত পাঁচখন আসন চাৰিখন আসনেই মিত্ৰজোঁটে পাব বুলি দাবী কৰে হাগ্ৰামা মহিলাৰীয়ে । চিৰাঙৰ নিৰ্বাচনী প্ৰচাৰত হাগ্ৰামা মহিলাৰীৰ লগতে থাকে ৰাজ্যসভাৰ সাংসদ বিশ্বজিত দৈমাৰী, মন্ত্ৰী চন্দন ব্ৰহ্ম, বিজনী সমষ্টিৰ বিধায়ক কমল সিং নাৰ্জাৰী আৰু বিটিচিৰ উপ মুখ্য প্ৰধান খাম্পা বৰগয়াৰী ।

ABOUT THE AUTHOR

...view details