চিৰাং, ২ জানুৱাৰী: শুক্ৰবাৰে চিৰাঙত ভাৰতীয় ষ্টেট বেংকৰ বাসুগাঁও শাখা কৰ্তৃপক্ষই স্বেচ্ছাসেৱী সংস্থা হেল্পিং হেণ্ডছ ওৱেল ফেয়াৰ ছ'চাইটিৰ সহযোগত ছাত্ৰ-ছাত্ৰীৰ মাজত বিনামূলীয়াকৈ কিতাপ বিতৰণ কৰে । নৱবৰ্ষৰ প্ৰথম দিনাই ২০২১ত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া বাসুগাঁৱৰ দৰিদ্ৰ পৰিয়ালৰ ছাত্র-ছাত্ৰীৰ সহায়ক হোৱাকৈ কিতাপ বিতৰণ কৰা হয় ।
চিৰাঙত ছাত্ৰ-ছাত্ৰীৰ মাজত কিতাপ বিতৰণ কৰিলে SBIৰ বাসুগাঁও শাখাই বাসুগাঁও টাউন হল (জ্যোতি কৃষ্টি ভৱন)ত শুক্ৰবাৰে সন্ধিয়া আয়োজিত এক অনুষ্ঠানত অসমীয়া, বড়ো আৰু বাংলা মাধ্যমৰ শতাধিক ছাত্ৰ-ছাত্ৰীৰ মাজত কুৱেছন বেংক, প্ৰস্তুতি-২০২১কে ধৰি কেইবাখনো মূল্যৱান কিতাপৰ লগতে টোকা বহী বিতৰণ কৰা হয় ।
চিৰাঙত ছাত্ৰ-ছাত্ৰীৰ মাজত কিতাপ বিতৰণ কৰিলে SBIৰ বাসুগাঁও শাখাই স্বেচ্ছাসেৱী সংস্থা হেল্পিং হেণ্ডছ ওৱেল ফেয়াৰ ছ'চাইটিৰ সম্পাদক বিশাল পালে আঁত ধৰা সভাখনত কিতাপ বিতৰণ কৰে ভাৰতীয় ষ্টেট বেংকৰ বঙাইগাঁও ৰিজ'নেল চীফ মেনেজাৰ গুৰুপদ হালদাৰ, মুখ্য প্ৰৱন্ধক ৰাম কৃষ্ণ সাহা, অৱসৰ প্ৰাপ্ত শিক্ষা বিষয়া ৰবীন্দ্ৰ কুমাৰ চৌধুৰী, বাসুগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত উপাধ্যক্ষ প্ৰমোদ চন্দ্ৰ শৰ্মা, বাসুগাঁও প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ ভাৰপ্ৰাপ্ত স্বাস্থ্য বিষয়া দণ্ডেশ্বৰ হাজং, কোকৰাঝাৰ বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক ড০ কল্যাণ দেই । লগতে ছাত্ৰ-ছাত্ৰীসকলে ২০২১ বৰ্ষত যাতে সুখ্যাতিৰে উত্তীৰ্ণ হ'ব পাৰে তাৰবাবে পৰামৰ্শ আগবঢ়ায় ।
লগতে পঢ়ক:AMCHত প্ৰথমবাৰৰ বাবে দুটা অক্সিজেন জেনেৰেশ্যন প্লান্ট কাৰ্যক্ষম