চিৰাং, 29 জুন :বঙাইগাঁও শোগনাগাৰ (Bongaigaon refinery)ত অঘটনা ৷ সোমবাৰে ৰাতিপুৱাৰে পৰা হোৱা বৰষুণৰ ফলত পুৱা প্ৰায় 4 বজাত চিৰাং জিলাৰ ঢালিগাঁও স্থিত ভাৰতীয় তেল নিগমৰ অধিনৰ বঙাইগাঁও শোগনাগাৰ (Bongaigaon refinery) ৰ ছাতিপুৰস্থিত চাৰিসীমাৰ দেৱাল (Boundary wall) প্ৰায় 30 মিটাৰ ভাঙি পৰে। ততালিকে উক্ত ঘটনাটো স্থানীয় ৰাইজে আৰক্ষী তথা শোধনাগাৰ কৰ্তৃপক্ষক অৱগত কৰে ৷ ঘটনাটোৰ খবৰ লাভ কৰা পাছতেই ঘটনাস্থলীত চিআইএচএফ (CISF) তথা শোধনাগাৰ কৰ্তৃপক্ষৰ এটা দল আহি উপস্থিত হয় ৷
সমগ্ৰ ঘটনাটোৰ পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয় শোধনাগাৰ কৰ্তৃপক্ষই । ইফালে জিলাখনৰ ছাতিপুৰৰ গাঁৱলীয়া গড়কাপ্তানি পকি পথৰ কাষৰ দেৱালখন ভাঙি পৰাত শংকত হৈ পৰে স্থানীয় লোক সকল । কাৰণ দেৱালখন পথৰ দাঁতিকাষতেই স্থাপন কৰা হৈছে ৷ কিন্তু দেৱালখন পথৰফালে নপৰি তেল নিগমৰ ভিতৰৰ ফালে খহি পৰে ৷ যদি কিবা কাৰণত দেৱালখন পথৰ দিশে পৰিল হয় তেনেহলে কোনো গুৰুতৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷ যিহেতু উক্ত পথটোৰে বহু লোকে যাতায়ত কৰে ৷