চিৰাং,27 জুলাই: সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুয়ে সোমবাৰে সমগ্ৰ ৰাজ্যত অসমৰ বান সমস্যা সন্দৰ্ভত প্ৰদৰ্শন কৰে মানৱ শৃংখল ৷ চিৰাং জিলাৰ পলাংশুগুৰিৰ আই নদীৰ পাৰত এই শৃংখল প্ৰদৰ্শন কৰে সংগঠনটোৱে ৷ একেদৰে বঙাইগাঁও জিলাৰ ৰাখালডুবিৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথতো ৰূপায়ণ কৰা হয় একে কাৰ্যসূচী ৷ সোমবাৰে দিনৰ প্ৰায় 12 বজাত দুয়োখন জিলাতে পৃথকে পৃথকে আমছুয়ে ৰূপায়ণ কৰে এই মানৱ শৃংখল ৷ তাৰপিছতে সংশ্লিষ্ট জিলা উপায়ুক্তৰ জৰিয়তে ছয় দফীয়া দাবী সম্বলিত এক স্মাৰকপত্ৰ মুখ্যমন্ত্ৰীলৈ প্ৰদান কৰে সংগঠনটোৱে ।
ৰাজ্যত কৰ’ণা ভাইৰাছৰ সমান্তৰালকৈ বান আৰু গৰাখহনীয়াই এক ভয়ংকৰ ৰূপ ধাৰণ কৰি আতংকিত কৰি আহিছে জন সাধাৰণক । বানৰ ফলত ৰাজ্যৰ প্ৰায় 30 খন জিলাৰ লক্ষাধিক লোক ক্ষতিৰ সন্মুখীন হোৱাৰ লগতে প্ৰাণ হেৰুৱাইছে 102 গৰাকী ব্যক্তিয়ে। বানাক্ৰান্তই আশ্ৰয় গ্ৰহণ কৰিবলগীয়া হৈছে মুকলি আকাশৰ তলত নতুবা অস্থায়ী আশ্ৰয় শিবিৰত ৷ তদুপৰি বানাক্ৰান্তই অন্যান্য খাদ্য সংকটত ভোগাৰ লগতে লাভ কৰিবলৈ সক্ষম হোৱা নাই এটুপি বিশুদ্ধ খোৱাপানী ৷ তদুপৰি আজিকোপতি পশুখাদ্যৰ উপৰিও পৰ্যাপ্ত চিকিৎসা লাভ কৰা নাই বন্যাৰ্তই ৷