চিৰাং,28 জানুৱাৰীঃ চিৰাং জিলা সদৰ কাজলগাঁও পথাৰত আজি বড়ো চুক্তিৰ বিজয় উৎসৱ৷ লক্ষাধিক লোকৰ সমাগম ৷ নতুন দিল্লীত কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰৰ সৈতে এবছু আৰু এনডিএফবিৰ চাৰিওটা গোটৰ ত্ৰিপাক্ষিক চুক্তিৰ পিচত পোনে পোনে চিৰাং জিলা সদৰ কাজলগাঁও আহি উপস্থিত হয় চুক্তি স্বাক্ষৰ কৰা একাংশ নেতা ৷
তৃতীয় বড়ো চুক্তিত স্বাক্ষৰ কৰা তিনিগৰাকী নেতা ক্ৰমে এবছুৰ সভাপতি প্ৰমোদ বড়ো, সম্পাদক লৰেঞ্চ ইচলাৰী আৰু এনডিএফবি(প্ৰ)ৰ সভাপতি গোবিন্দ বসুমতাৰীক বিপুল ভাৱে বাদ্য আৰু নৃত্যৰে সম্বৰ্ধনা জনায় উপস্থিত লোকসকলে ৷ অৱশ্যে চুক্তি স্বাক্ষৰ কৰা এন ডি এফ বি(ছা)ৰ নেতা সকলে এতিয়াও দিল্লী এৰিব পৰা নাই ৷ বিটিচিৰ মুখ্য হাগ্ৰামা মহিলাৰীও চিৰাঙত এবছুৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰিলে ৷