অসম

assam

চিৰাঙত আক্ৰাছুৰ ক'লা দিৱস উদযাপন

By

Published : Feb 7, 2020, 11:33 PM IST

চিৰাঙত আক্ৰাছুৰ ক'লা দিৱস উদযাপন । চিদলী চক্ৰ বিষয়াৰ কাৰ্যালয়ত ক'লা পতাকা উত্তোলন সাব্যস্ত কৰে প্ৰতিবাদ ৷

Chirang Blackday by AAKRSU
চিৰাঙত আক্ৰাছুৰ ক'লা দিৱস উদযাপন

চিৰাং, 7 ফেব্ৰুৱাৰী : শুকুৰবাৰে কোকৰাঝাৰত অনুষ্ঠিত হোৱা বিজয় উৎসৱত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ উপস্থিতিক লৈ ক'লা দিৱস পালন আক্ৰাছুৰ ৷ চিদলী চক্ৰ বিষয়াৰ কাৰ্যালয়ত চিদলী কাশিকত্ৰা আঞ্চলিক সমিতি আৰু আক্ৰাছুয়ে ক'লা পতাকা উত্তোলন কৰি সাব্যস্ত কৰে প্ৰতিবাদ । গণতন্ত্ৰক হত্যা কৰি বি টি চিৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ অধিকাৰ খৰ্ব কৰি শান্তি চুক্তিৰ নামত BTR গঠন কৰা বুলি অভিযোগ উত্থাপন কৰি চিৰাং জিলা কোচ-ৰাজবংশী ছাত্ৰ সন্থাই বিজয় উৎসৱক সম্পূৰ্ণৰূপে বিৰোধিতা কৰে ৷ আক্ৰাছুৰ কেন্দ্ৰীয় নেতা হিৰণ্য পাটগিৰিয়ে বড়ো শান্তি চুক্তিখন কেতিয়াও মানি নলয় বুলি মন্তব্য কৰে ৷

চিৰাঙত আক্ৰাছুৰ ক'লা দিৱস উদযাপন

ABOUT THE AUTHOR

...view details