চিৰাঙ,3 নৱেম্বৰঃমঙলবাৰে চিৰাং জিলাৰ বিজেপিৰ কাৰ্যনিৰ্বাহক সভাখন বাসুগাঁৱত অনুষ্ঠিত হয়। বাসুগাঁও পৌৰ সভাৰ সভাকক্ষত অনুষ্ঠিত এই কাৰ্যনিৰ্বাহক অংশগ্ৰহণ কৰে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে। দাসে সভাত অংশগ্ৰহণ কৰি কয় যে, এইবাৰ বিটিচি পৰিষদীয় নিৰ্বাচনত লিডাৰশ্বিপ নহ’লে পাৰ্টনাৰশ্বিপ থাকিব বিজেপি দলৰ। প্ৰথম অৱস্থাত বিজেপিয়ে বিটিচি দখলৰ কথা কৈছিল যদিও হঠাৎ আজি ৰাজ্যিক সভাপতিজনে সুৰ সলনি কৰি নেতৃত্ব নহলে অংশীদাৰী হোৱাৰ দাবী কৰে। বিয়লি অনুষ্ঠিত সভাখনত অংশগ্ৰহণ কৰি ৰঞ্জিত দাসে আৰু কয় যে, বিটিচি নিৰ্বাচনৰ দিন যিহেতু ঘোষণা কৰা নাই সেয়ে আনুষ্ঠানিক ভাৱে আমি বিটিচি নিৰ্বাচনৰ বাবে সভা সমিতি এতিয়াও আৰম্ভ কৰা নাই। কিন্তু বিটিচিত দলীয় স্থীতি শক্তিশালী কৰাৰ ব্যৱস্থা কৰিছো। বিটিচিত বিজেপিৰ ২ লাখ সদস্য আছে । প্ৰতিটো জিলা, মণ্ডল আৰু বুথ কমিটী পৰ্য্যায়ত আমাৰ কাৰ্যকলাপ চলিয়ে আছে । আমি বিটিচিত ২৬ খন আসনত প্ৰতিদন্দিতা কৰিছো । ইয়াৰ লগতে এখন আসনত নিৰ্দলীয় ভাবে প্ৰতিদন্দিতা কৰিছো ৷ গতিকে আমি প্ৰতিদন্দিতা কৰাতকৈ অধিক আসন লাভৰ আশা কৰা বুলি কৈ জনালে যে, যদি আমি ২১ খন আসন পাও তেন্তে আৰু বেলেগ দলৰ সহায় নালাগে ।
বিটিচিত লিডাৰশ্বিপ নহ’লে পাৰ্টনাৰশ্বিপত থাকিব বিজেপিঃ ৰঞ্জিত দাস লগতে পঢ়কঃ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ নিৰ্বাচনী দায়িত্বত থকা বিএছএফ বিষয়াৰ মৃত্যু
আনপিনেদি বিপিএফ বা ইউ পি পি এল দলে কাৰ সৈতে মিত্ৰতাত থাকিব সেয়া বিটিচি বাসীয়েহে সিদ্ধান্ত গ্ৰহণ কৰিব বুলি জনায় ৰঞ্জিত দাসে । সোমবাৰৰ পৰা এমাহ জোৰা কাৰ্য্যসূচিৰে বিটিচিৰ নিৰ্বাচনী পৰিৱেশ পৰ্যালোচনা কৰাৰ কথাও জনায় সভাপতি গৰাকীয়ে । প্ৰতিটো সমষ্টীত একো একোজন মন্ত্ৰী বিধায়কক দায়িত্ব দিয়া বুলিও কয় তেওঁ । ইপিনে বিজেপিৰ উত্থানত বিভিন্ন ৰাজনৈতিক দল শংকাত পৰা বুলিও দাবী কৰে দাসে। একেদৰে এ আই ইউ ডি এফৰ উত্থানত কংগ্ৰেছ শংকিত হৈছে । সেয়ে কংগ্ৰেছে মিঞা ৰাজনীতিৰে মিঞা মিউজিয়ামৰ ৰাজনীতি আৰম্ভ কৰিলে। ধৰ্মীয় মেৰুকৰনেৰে ইউ ডি এফক সমৰ্থন জনালে । মূল্যবৃদ্ধি হোৱা নাই বুলি আওপকীয়াকৈ ক’ব বিচাৰে ৰাজ্যিক সভাপতি জনে । বিটিচিৰ বাহিৰৰ বড়ো সকলে বিজেপিক সমৰ্থন জনোৱাৰ কথাও জনায় তেওঁ লগতে কয় যে, নৱেম্বৰৰ শেষৰ পিনে অসম বাসীয়ে জানিব, কিদৰে বহু নেতাই বিজেপিত যোগদান কৰিব । জনসাধাৰণে যেতিয়া বিজেপিক সমৰ্থন কৰিব, তেতিয়া বহু নেতাও বাধ্য হৈ বিজেপিত যোগদান কৰিব । কোকৰাঝাৰৰ তুলসিবিলৰ ঘটনাৰ বিষয়ে উল্লেখ কৰি কয় যে, এইয়া এটা মাত্ৰ পৰিয়ালৰ ক্ষেত্ৰত নহয়, ভাৰতৰ বহু ঠাইত তেনে হৈছে । মোদী চৰকাৰে এই ক’ৰণা কালত বহু পৰিমানে সহায় কৰিছে: তেনে ক্ষেত্ৰত খাদ্যৰ অভাৱত কোনো লোকৰ মৃত্যু হোৱা নাই বুলি দাবী কৰে দাসে ।
বিটিচিত লিডাৰশ্বিপ নহ’লে পাৰ্টনাৰশ্বিপত থাকিব বিজেপিঃ ৰঞ্জিত দাস ইপিনে সভাত ৰঞ্জিত দাসৰ লগতে উপস্থিত থাকি মন্ত্ৰী ভৱেশ কলিতাই কয় যে, বিটিচিৰ পৰিৱেশৰ প্ৰতি লক্ষ্য কৰি চাৰিও খন জিলাতে বিজেপিৰ প্ৰতি মানুহৰ আগ্ৰহ বৃদ্ধি পাইছে । সকলো লোকে বিজেপিক সমৰ্থন দিছে, গতিকে পৰিষদ গঠনত আমি থাকিম । মূল্য বৃদ্ধি সন্দৰ্ভত মন্ত্ৰী জনে কয় যে ,চৰকাৰে মূল্যবৃদ্ধি কৰা নাই । এইটো সময়ত মূল্যবদ্ধি সাধাৰণ ভাৱেই হয়। তেওঁ আৰু কয় যে, বিটিচিত বিপিএফৰ সৈতে কোনো মিত্ৰতা নাই, আছে বিধান সভাতহে ।
বিটিচিত লিডাৰশ্বিপ নহ’লে পাৰ্টনাৰশ্বিপত থাকিব বিজেপিঃ ৰঞ্জিত দাস লগতে পঢ়কঃ পাঁচমাহৰ পাছতো বাঘজানবাসীয়ে নাপালে উচিত ক্ষতিপূৰণ