চিৰাং,7 মে' :পশ্চিমবংগত বিজেপিৰ সমৰ্থকক দুৰ্বৃত্তই চলোৱা আক্ৰমণৰ ঘটনাই জোকাৰি গৈছে সমগ্ৰ দেশ । পশ্চিমবংগত একাংশ দুৰ্বৃত্তই সংঘটিত কৰা এনে নিন্দনীয় কাণ্ডৰ বিৰুদ্ধে এতিয়া সৰ্বত্ৰে চলিছে প্ৰতিবাদ । এইবাৰ ইয়াৰ প্ৰভাৱ পৰিছে অসমতো ৷ চিৰাং জিলাৰ বিজনীৰ বিজেপিৰ মানাস ছেৰফাং মণ্ডল কমিটিৰ সদস্যসকলে পশ্চিমবংগৰ এনে হিংসাত্মক ঘটনাৰ বিৰোধিতা কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷
পশ্চিমবংগৰ হিংসাত্মক ঘটনাৰ বিৰোধিতাৰে বিজনীত বিজেপিৰ প্ৰতিবাদ - President's Rule
পশ্চিমবংগৰ নিৰ্বাচনত সংঘটিত হোৱা হিংসাত্মক ঘটনাৰ বিৰোধিতা কৰি বৃহস্পতিবাৰে চিৰাং জিলাৰ বিজনীৰ বিজেপিৰ মানাস ছেৰফাং মণ্ডল কমিটিৰ সদস্যসকলে প্ৰতিবাদ সাব্যস্ত কৰে ৷ দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি পশ্চিমবংগত ৰাষ্ট্ৰপতিৰ শাসন প্ৰৱৰ্তনৰ দাবী উত্থাপন কৰে ৷

পশ্চিমবংগৰ হিংসাত্মক ঘটনাৰ বিৰোধিতাৰে বিজনী বিজেপিৰ প্ৰতিবাদ
পশ্চিমবংগৰ হিংসাত্মক ঘটনাৰ বিৰোধিতাৰে বিজনী বিজেপিৰ প্ৰতিবাদ
উল্লেখ্য যে, পশ্চিমবংগত ৰাষ্ট্ৰপতিৰ শাসন প্ৰৱৰ্তনৰ দাবী উত্থাপন কৰি বৃহস্পতিবাৰে 2নং বিষ্ণুপুৰ বজাৰস্থিত মানাস ছেৰফাং মণ্ডল কমিটিয়ে নিৰ্বাচনী হিংসাৰ বিৰুদ্ধে দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ৷ সম্পূৰ্ণ ক'ভিড প্ৰট'কল মানি গ্ৰহণ কৰা প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে দুৰ্বৃত্তই চলোৱা আক্ৰমণৰ ঘটনাক তীব্ৰ গৰিহণা আৰু ধিক্কাৰ দিয়ে ।
লগতে পঢ়ক:নিৰ্বাচনী হিংসাৰ বলি হৈ কোকৰাঝাৰত আশ্ৰয় গ্ৰহণ পঃ বংগৰ 30 গৰাকী লোকৰ