অসম

assam

ETV Bharat / state

চিৰাঙত বিজেপি নেতাই নিৰ্মাণ কৰিলে বাঁহৰ দলং - বিধায়ক কলম সিং নাৰ্জাৰী

চিৰাঙৰ বিজনী সমষ্টিৰ বিধায়ক কলম সিং নাৰ্জাৰী বিগত সময়ত নকৰা কাম নিজৰ গাঁঠিৰ ধন ভাঙি নিৰ্মাণ কৰিলে বিজেপিৰ যুৱ নেতাই। দুখন গাঁৱৰ মাজত নিৰ্মাণ কৰি দিলে বাহৰ দলং ।

চিৰাঙত বিজেপি নেতাই নিৰ্মাণ কৰিলে বাঁহৰ দলং
চিৰাঙত বিজেপি নেতাই নিৰ্মাণ কৰিলে বাঁহৰ দলং

By

Published : Feb 6, 2021, 7:19 AM IST

চিৰাং,5 ফেব্ৰুৱাৰীঃ চিৰাং জিলাৰ বিজনী মহকুমাৰ অন্তৰ্গত লাৰুগাঁওৰ আদিবাসী অঞ্চলত বিগত ১৭ বছৰৰ পৰা দুটা গাঁওৰ যাতায়ত ব্যবস্থা বিছিন্ন হৈ আছিল এখন দলঙৰ বাবে । গাঁও দুখনৰ কণ কণ ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয়লৈ অহা যোৱাৰ বাবে পাঁচ কিলোমিটাৰ ৰাস্তা অন্য পথৰে অহাযোৱা কৰিব লগীয়া হৈছিল ৷

উল্লেখযোগ্য যে, লাৰুগাঁও বাসীয়ে বহুবাৰ বিজনীৰ স্থানীয় বিধায়ক লগ ধৰি ৰাইজে দীৰ্ঘদিনৰ পৰা সন্মুখীন হৈ সমস্যা বিষয়ে অৱগত কৰি আহিছিল ৷ কিন্তু এই ক্ষেত্ৰত বিজনীৰ বিধায়ক কমলসিং নাৰ্জাৰীয়ে সমস্যাটো সামাধান কৰাৰ ক্ষেত্ৰত কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷

চিৰাঙত বিজেপি নেতাই নিৰ্মাণ কৰিলে বাঁহৰ দলং

তাৰ পৰিপ্ৰেক্ষিত অঞ্চলটোৰ সমস্যা সামাধান কৰাৰ ক্ষেত্ৰত বিজনী বিজেপি দলৰ যুৱনেতা অৰুপ কুমাৰ নাথৰ নেতৃত্বত দুইখন গাঁৱৰ মাজত এখন বাহৰ দলং নিৰ্মাণ কৰি দিছে ৰাইজৰ সুবিধা হোৱাকৈ ৷ সম্প্ৰতি ৰাইজে দলং খন পাই অৰুপ কুমাৰ নাথক ধন্যবাধ জনোৱাৰ লগতে আনন্দিত হৈ পৰিছে ৷

লগতে পঢ়কঃ খালী চকীৰ সন্মুখত চন্দ্ৰমোহন পাটোৱাৰীৰ ভাষণ

ABOUT THE AUTHOR

...view details