অসম

assam

By

Published : Nov 17, 2020, 8:56 PM IST

ETV Bharat / state

বিপিএফ বিজেপিৰ মিত্ৰদল নহয়,অসম চৰকাৰৰ হে মিত্ৰ দলঃ ৰঞ্জিত দাস

চিৰাঙৰ বাসুগাঁও ৰাজাচাৰাং পথাৰত মঙলবাৰে অনুষ্ঠিত বিজেপিৰ এই সভাত ১৩নং চিৰাং পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী অলক বসুমতাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় ৰঞ্জিত দাসৰ লগতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । উক্ত সভাত জিলাখনৰ দুই সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰে ।

chirang-bjp-election-meeting
বিপিএফ বিজেপিৰ মিত্ৰদল নহয়, অসম চৰকাৰৰ হে মিত্ৰ দলঃ ৰঞ্জিত দাস

চিৰাং, 17 নৱেম্বৰ : চিৰাং জিলাৰ ১৩ নং চিৰাং পৰিষদীয় সমষ্টিৰ বাসুগাঁৱত মঙলবাৰে বিজেপিৰ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ লগতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । মন্ত্ৰী হিমন্তই সভাত উপস্থিত হৈ কয় যে," বিপিএফ দলে বিগত সময়ত বহু দুৰ্নীতি কৰিলে । আমাৰ সৈতে মিত্ৰতাত থাকি এই দুৰ্নীতি কৰিলে বিপিএফে । গতিকে আগলৈ যাতে দুৰ্নীতি কৰিব নোৱাৰে তাৰ বাবে আমি এইবাৰ নিজাববীয়াকৈ বিটিচিত আহিছো । কাৰো লগত মিত্ৰতা নকৰি আমি বিটিচিবাসীৰ সৈতে মিত্ৰতা কৰিছো। গতিকে ইয়াত মন্ত্ৰী চন্দন ব্ৰহ্মই আৰক্ষীৰ ভয় দেখুৱাই ৰাইজৰ ধন আত্মসাৎ কৰাৰ সময় উকলিল । "

বিপিএফ বিজেপিৰ মিত্ৰদল নহয়, অসম চৰকাৰৰ হে মিত্ৰ দলঃ ৰঞ্জিত দাস

তদুপৰি হিমন্ত বিশ্ব শৰ্মাই লাফিকুলৰ হত্যাকাণ্ড সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি লাফিকুলৰ হত্যা ৰাজনৈতিক হত্যা বুলি আখ্যা দিয়ে ।

সভাত ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসেও বিপিএফৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ কয় যে," বিপিএফৰে আমাৰ কোনো সম্পৰ্ক নাই। বিপিএফৰ বিজেপিৰ মিত্ৰ দল নহয়। অসম চৰকাৰৰ হে মিত্ৰ দল বিপিএফ । গতিকে অহা বিধানসভা নিৰ্বাচনতো বিপিএফৰ সৈতে কোনো মিত্ৰতা নহয় ৷ "
উল্লেখ্য যে,চিৰাঙৰ বাসুগাঁও ৰাজাচাৰাং পথাৰত মঙলবাৰে অনুষ্ঠিত বিজেপিৰ এই সভাত ১৩নং চিৰাং পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী অলক বসুমতাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় ৰঞ্জিত দাসৰ লগতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । উক্ত সভাত জিলাখনৰ দুই সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰে ।
লগতে পঢ়ক:12সংখ্যক ব্ৰীকছ সন্মিলনত অংশগ্ৰহণ প্ৰধানমন্ত্ৰী মোডীৰ

ABOUT THE AUTHOR

...view details