অসম

assam

ETV Bharat / state

চিৰাঙৰ বিজনীত শিক্ষকৰ উদ্ভাৱন মূলক শিক্ষা শিকণ প্ৰক্ৰিয়া প্ৰদৰ্শন - চিৰাঙৰ বিজনীত শিক্ষকৰ উদ্ভাৱন মূলক শিক্ষা শিকণ প্ৰক্ৰিয়া প্ৰদৰ্শন

অনুষ্ঠানত চিৰাং জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক জয়পাল সিং ব্ৰহ্মইও ভাষণত শিক্ষকসকলৰ উদ্ভাৱনী প্ৰদৰ্শনীয়ে চিৰাং জিলাত অনাগত দিনত শিক্ষাৰ্থী সকল উপকৃত হ'ব বুলি ব্যক্ত কৰে। অনুষ্ঠানত বড়ো বাজাৰ শিক্ষা খণ্ড বিষয়া সৌমদন নাৰ্জাৰী, সমল ব্যক্তি কাৰ্তিক চন্দ্ৰ দাস সন্মানীয় অতিথিৰূপে উপস্থিত থাকে ৷

চিৰাঙৰ বিজনীত শিক্ষকৰ উদ্ভাৱন মূলক শিক্ষা শিকণ প্ৰক্ৰিয়া প্ৰদৰ্শন
চিৰাঙৰ বিজনীত শিক্ষকৰ উদ্ভাৱন মূলক শিক্ষা শিকণ প্ৰক্ৰিয়া প্ৰদৰ্শন

By

Published : Feb 19, 2020, 11:50 AM IST

চিৰাং, 19 ফেব্ৰুৱাৰীঃচিৰাং জিলাৰ বিজনী মহকুমাৰ বড়ো বজাৰ শিক্ষা খণ্ডৰ অধীনৰ বিজনী চহৰৰ ১০৩৩ নম্বৰ বিজনী চহৰ প্ৰাথমিক বিদ্যালয়ত বুধবাৰে এখন উদ্ভাৱনমূলক শিক্ষা শিকণ প্ৰক্ৰিয়া আৰু সামগ্ৰীৰ প্ৰদৰ্শনী অনুষ্ঠিত হয় | জিৰ' ইনভেষ্টমেন্ট ইন'ভেশ্যন ফ'ৰ্ এডুকেচন ইনিচিয়েটিভ চমুকৈ জে আই আই ই আই আৰু অৰৱিন্দ ছ'চাইটীৰ উদ্যোগত আয়োজিত উদ্ভাৱন মূলক শিক্ষণ শিকণ প্ৰক্ৰিয়া আৰু সামগ্ৰীৰ প্ৰদৰ্শনী উদ্বোধন কৰে বিজনীৰ নিৰ্বাচনী বিষয়া লুকুমণি বৰাই । উদ্বোধন কৰি দিয়া ভাষণত লুকুমণি বৰাই শিক্ষক সকলৰ উদ্ভাৱনী কাৰ্যৰ জৰিয়তে শিক্ষাৰ্থী সকল উপকৃত হব পাৰিব বুলি আশা ব্যক্ত কৰে । এই পদক্ষেপ আগলৈকে অনুষ্ঠিত কৰিবলৈ তেওঁ উদ্যোক্তা সকলোলা আহ্বান জনায় । অনুষ্ঠানত চিৰাং জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক জয়পাল সিং ব্ৰহ্মইও ভাষণত শিক্ষকসকলৰ উদ্ভাৱনী প্ৰদৰ্শনীয়ে চিৰাং জিলাত অনাগত দিনত শিক্ষাৰ্থী সকল উপকৃত হ'ব বুলি ব্যক্ত কৰে। অনুষ্ঠানত বড়ো বাজাৰ শিক্ষা খণ্ড বিষয়া সৌমদন নাৰ্জাৰী, সমল ব্যক্তি কাৰ্তিক চন্দ্ৰ দাস সন্মানীয় অতিথিৰূপে উপস্থিত থাকে ৷

চিৰাঙৰ বিজনীত শিক্ষকৰ উদ্ভাৱন মূলক শিক্ষা শিকণ প্ৰক্ৰিয়া প্ৰদৰ্শন
এই অনুষ্ঠানত এশ গৰাকী শিক্ষক-শিক্ষয়িত্ৰীয়ে তিনিটাকৈ উদ্ভাৱনী আৰ্হি প্ৰদৰ্শন কৰে । প্ৰদৰ্শনী পৰিচালনা কৰে অৰবিন্দ ছ'চাইটীৰ উৎপল ৰাভা আৰু অনামিকা কলিতা দেৱীয়ে। লগতে চাওকঃ

দৰঙত কংগ্ৰেছৰ অস্তিস্ব ৰক্ষাৰ জনজাগৰণ যাত্ৰা

ABOUT THE AUTHOR

...view details