অসম

assam

ETV Bharat / state

বিজনীত স্বামী বিবেকানন্দৰ পূৰ্ণ অৱয়ব প্ৰতিমূৰ্তি উন্মোচন - স্বামী ভিজ্ঞানন্দ মহাৰাজ

চিৰাঙৰ বিজনীত স্বামী বিবেকানন্দৰ পূৰ্ণ অৱয়ব প্ৰতিমূৰ্তি উন্মোচন । বিজনী বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত নিৰ্মাণ কৰা হৈছে ৩৫ ফুট উচ্চতাৰে স্বামী বিবেকানন্দৰ প্ৰতিমূৰ্তিটো ।

Chirang Bijni Swami Bibekananda statue
বিজনীত স্বামী বিবেকানন্দৰ পূৰ্ণ অৱয়ব প্ৰতিমূৰ্তি উন্মোচন

By

Published : Apr 23, 2021, 10:16 PM IST

বিজনী, 23 এপ্ৰিল :চিৰাং জিলাৰ বিজনীৰ বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰৰ সমিপত নৱ নিৰ্মিত স্বামী বিবেকানন্দৰ পূৰ্ণাৱয়ব প্ৰতিমূৰ্তিটো আজি আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। ৰাইজৰ দান বৰঙনিৰে মুঠ ৪০ লাখ টকা ব্যয় সাপেক্ষে ৩৫ ফুট উচ্চতাৰে নিৰ্মাণ কৰি উলিওৱা উক্ত প্ৰতিমূৰ্তিটো উন্মোচন কৰে স্বামী ভিজ্ঞানন্দ মহাৰাজ আৰু স্বামী আত্মাসুধানন্দ মহাৰাজে ।

বিজনীৰ বিধায়ক তথা প্ৰতিমূৰ্তি নিৰ্মাণ কমিটিৰ মুখ্য উপদেষ্টা কমলসিং নাৰ্জাৰীয়ে মূল প্ৰবেশদ্বাৰ মুকলি কৰাৰ পিছত অসম চৰকাৰৰ হেণ্ডলুম এণ্ড টেক্সটাইল বিভাগৰ যুটীয়া সচিব দিঠকানন্দ হাজৰিকাই মুল বেদীৰ দুৱাৰ মুকলি কৰে ।

বিজনীত স্বামী বিবেকানন্দৰ পূৰ্ণ অৱয়ব প্ৰতিমূৰ্তি উন্মোচন

ইয়াৰ পিছত বিটিআৰৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দেই নাম ফলক উন্মোচন কৰে । অনুষ্ঠানৰ লগত সংগতি ৰাখি এখন উন্মোচনী সভা অনুষ্ঠিত কৰা হয় । প্ৰতিমূৰ্তি নিৰ্মাণ কমিটিৰ কাৰ্যকৰী সভাপতি ৰতন ৰায়ৰ সভাপতিত্বত অনুষ্ঠিত উন্মোচনী সভাত আদৰণি ভাষণ প্ৰদান কৰে বিজনী মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ বীৰহাসগিৰি বসুমতাৰীয়ে ।

সভাত উপস্থিত অতিথি সকলে তেওঁলোকৰ বক্তব্য়ত স্বামী বিবেকানন্দৰ অৱদান আৰু আদৰ্শ সমূহৰ ওপৰত আলোকপাত কৰে । উক্ত সভাতে 'স্মৰণীকা' শীৰ্ষক স্মৃতি গ্ৰন্থ এখনিৰো উন্মোচন কৰা হয় ।

লগতে পঢ়ক :হোজাইত চুৰি গৰুসহ আটক চোৰ

ABOUT THE AUTHOR

...view details