অসম

assam

ETV Bharat / state

ধন আত্মসাতৰ অভিযোগত বিজনীত আৰক্ষীৰ মাজতে সংঘাত - আইজিপি অনুৰাগ আগৰৱালা

বিটিচি নিৰ্বাচনৰ বাবে গৃহৰক্ষী জোৱানক ৮০০ আৰু অসম আৰক্ষীৰ জোৱান সকলক ১৫০০ টকা মাননী দিছে বাক্সা জিলাত। কিন্তু একেখিনি লোকক চিৰাঙত আহি ৬০০ আৰু ৮০০ টকা দিছে । সেয়ে আৰক্ষীয়ে আৰক্ষীয়েই আৰক্ষীৰ টকা আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰে জোৱান সকলে ৷

chirang-bijni-police-rhemonution
আৰক্ষীৰ ধন আত্মসাতৰ অভিযোগত বিজনীত আৰক্ষীৰ মাজতে উত্তপ্ত পৰিস্থিতি

By

Published : Dec 9, 2020, 10:37 PM IST

চিৰাং, 9 ডিচেম্বৰ : চিৰাং জিলাৰ বিজনী জিলা নিৰ্বাচনী কাৰ্যালয়ত অসম আৰক্ষীৰ মাজতে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ । বিটিচিৰ প্ৰথম পৰ্য‍ায়ৰ নিৰ্বাচনত বাক্সা জিলাৰ উপায়ুক্তৰ সামান্য ভুলৰ বাবে চিৰাং জিলাৰ বিজনী নিৰ্বাচনী কাৰ্যালয়ত আৰক্ষীৰ মাজতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । সকলোৰে নিজৰ প্ৰাপ্য মাননী লৈ সন্তুষ্ট নোহোৱাত চিৰাং জিলা আৰক্ষীৰ ওপৰত ক্ষোভ উজাৰে অসমৰ আৰক্ষীৰ বাক্সা আৰু দৰং জিলাৰ একাংশ আৰক্ষী জোৱানে।

কিয়নো বিটিচি নিৰ্বাচনৰ বাবে গৃহৰক্ষী জোৱানক ৮০০ আৰু অসম আৰক্ষীৰ জোৱান সকলক ১৫০০ টকা মাননী দিছে বাক্সা জিলাত। কিন্তু একেখিনি লোককে চিৰাঙত আহি ৬০০ আৰু ৮০০ টকা দিছে । সেয়ে আৰক্ষীয়েই আৰক্ষীৰ টকা আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰে জোৱান সকলে ৷ যাৰ ফলত ভোট কেন্দ্ৰত নিয়োজিত হ’ব লগীয়া আৰক্ষীৰ জোৱান সকলে নোযোৱাত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হয় ।

আৰক্ষীৰ ধন আত্মসাতৰ অভিযোগত বিজনীত আৰক্ষীৰ মাজতে উত্তপ্ত পৰিস্থিতি

পৰৱৰ্তী সময়ত আইজিপি অনুৰাগ আগৰৱালা আৰু চিৰাং জিলা আৰক্ষী অধিক্ষক সহ বিজনী জিলা নিৰ্বাচনী (ৰিটাৰ্ণিং) বিষয়া ধ্ৰুৱজ্যোতি দাসে আৰক্ষীৰ জোৱান আৰু গৃহৰক্ষী জোৱান সকলক নিৰ্বাচন আয়োগৰ লিখিত নিৰ্দেশনা দেখুৱাৰ ফলত হে পৰিস্থিতি নিয়ন্ত্ৰণ হয় ৷

আৰক্ষীৰ ধন আত্মসাতৰ অভিযোগত বিজনীত আৰক্ষীৰ মাজতে উত্তপ্ত পৰিস্থিতি
দৰাচলতে বাক্সা জিলা উপায়ুক্তই ভুলতে জোৱান সকলৰ মাননিৰ ধন বেছি দিয়া বুলি জিলা আৰক্ষী অধীক্ষকে জানিবলৈ দিয়াৰ লগতে সকলো নথি পত্ৰ দেখুৱাৰ ফলতে পৰিস্থিতি শান্ত হয়। লগতে পঢ়ক: আঞ্চলিকতাবাদী পোছাক পিন্ধিলে উচ্চপদস্থ বিষয়া আৰু ছাত্ৰ নেতাই

ABOUT THE AUTHOR

...view details