চিৰাং, 23 এপ্ৰিল : চিৰাং জিলাৰ বিজনী মহকুমাৰ অন্তৰ্গত বিজনী চহৰত বিজনী মহকুমা আৰক্ষীৰ আদৰণীয় পদক্ষেপ । বেচৰকাৰী সংস্থা এছ,এছ,ডি, ফাউণ্ডেচনৰ সহযোগত বিজনী মহকুমা আৰক্ষী বিষয়া শেখৰজ্যোতি ৰায় আৰু বিজনী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰূপক বৰাৰ নেতৃত্বত বিজনী চহৰত ৰাইজৰ মাজত ক’ভিডৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ কৰাৰ লগতে মাস্ক পৰিধান নকৰা লোক সকলৰ মাজত বিতৰন কৰে মাস্ক ।
বিজনীত আৰক্ষীৰ উদ্যোগত মাস্ক বিতৰণ - চিৰাং জিলা
চিৰাং জিলাৰ বিজনীত আৰক্ষীয়ে ক’ভিডৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ কৰাৰ লগতে মাস্ক পৰিধান নকৰা লোক সকলৰ মাজত মাস্ক বিতৰণ কৰে । বিজনী আৰক্ষী থানাৰ পৰা পদযাত্ৰা কৰি বিজনী চহৰৰ মাছ বজাৰ, বাছ আস্থান, অট’ষ্টেণ্ড, আদিকে ধৰি হোটেল, ৰেষ্টুৰেন্ট সকলো স্থানতে মাস্ক পৰিধান নকৰা জনতাক প্ৰদান কৰিলে মাস্ক ৷
বিজনীত আৰক্ষীৰ উদ্যোগত মাস্ক বিতৰণ
সমগ্ৰ ৰাজ্যখনত ক'ৰণা মহামাৰীয়ে যি এক ভয়ংকৰ ৰূপ লৈছে ইয়াৰ সমান্তৰালভাৱে পিছ পৰি থকা নাই চিৰাং জিলাও । বিজনী আৰক্ষী থানাৰ পৰা পদযাত্ৰা কৰি বিজনী চহৰৰ মাছ বজাৰ, বাছ আস্থান, অটোষ্টেণ্ড, আদিকে ধৰি হোটেল, ৰেষ্টুৰেন্ট সকলো স্থানতে মাস্ক পৰিধান নকৰা জনতাক প্ৰদান কৰিলে মাস্ক ৷ আৰক্ষীৰ এই পদক্ষেপক বিজনীবাসী ৰাইজৰ লগতে সচেতন মহলে লৈছে শলাগ ।
লগতে পঢ়ক :বিশাখাপট্টনমত নৌসেনাৰ বাইক ৰেলীৰ সফল সামৰণি