চিৰাং,২০ মাৰ্চ:চিৰাং জিলাৰ ৩৩ নং বিজনী বিধানসভা সমষ্টিত তৃতীয় পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত শুকুৰবাৰে বিয়লি বিজনী মহকুমাধিপতিৰ কাৰ্যালয় প্ৰাংগণত এটা আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰ তথা প্ৰশিক্ষণ পৰিচালনা কক্ষ মুকলি কৰা হয় । কেন্দ্ৰটো ৩৩ নং বিজনী বিধানসভা সমষ্টিত নিৰ্বাচনী পৰ্যবেক্ষক হিচাপে নিয়োজিত নিৰঞ্জন কুমাৰ সুধাংশুৰৰ উপস্থিতিত মুকলি কৰে বিজনী মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি তথা নিৰ্বাচনী বিষয়া ধ্ৰুৱজ্যোতি দাসে ।
বিজনীত আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰ মুকলি - assam legislative assembly election 2021
বিজনী বিধানসভা সমষ্টিৰ ভিতৰত বিজনীৰ বান্ধৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চাৰিটা ভোটগ্ৰহণ কেন্দ্ৰক আদৰ্শ ভোট গ্ৰহণ কেন্দ্ৰ হিচাপে স্থাপন কৰা হ'ব বুলি প্ৰকাশ কৰিছে জিলা নিৰ্বাচনী বিষয়া ধ্ৰুৱজ্যেতি দাসে ।
উক্ত কেন্দ্ৰটোৰ লগতে SVEEP (Systematic Voters Education and Electoral Participation) কোষৰ অধীনত ইতিমধ্যে বিজনী সমষ্টিত ভোটাৰ ৰাইজৰ মাজত সজাগতা অনুষ্ঠান ৰূপায়ণ কৰি থকা হৈছে । বিজনী মহকুমাধিপতিৰ কাৰ্যালয় প্ৰাংগণত স্থাপন কৰা আদৰ্শ ভোট গ্ৰহণ কেন্দ্ৰত ভোটাৰ ৰাইজৰ বাবে কি কি সুবিধা উপলদ্ধ হ'ব তাক আৰ্হিৰূপে উপস্থাপন কৰা হৈছে । বিজনী বিধানসভা সমষ্টিৰ ভিতৰত বিজনীৰ বান্ধৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চাৰিটা ভোটগ্ৰহণ কেন্দ্ৰক আদৰ্শ ভোট গ্ৰহণ কেন্দ্ৰ হিচাপে স্থাপন কৰা হ'ব বুলি প্ৰকাশ কৰিছে জিলা নিৰ্বাচনী বিষয়া ধ্ৰুৱজ্যেতি দাসে ।
লগতে পঢ়ক:"আকৌ এবাৰ মোডী চৰকাৰ" ধেমাজিত নৃত্যত ব্যস্ত মন্ত্ৰী হিমন্ত