অসম

assam

By

Published : Mar 15, 2021, 7:58 PM IST

ETV Bharat / state

বিজনীত প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাতৰ চৰম পৰ্যায়

বিজেপিয়ে তৃতীয় পৰ্যায়ৰ প্ৰাৰ্থী তালিকা প্ৰকাশৰ পিছতে প্ৰাৰ্থিত্ব প্ৰদানক কেন্দ্ৰ কৰি চিৰাং জিলাৰ ৩৩নং বিজনী বিধানসভা সমষ্টিৰ দলীয় প্ৰাৰ্থীক লৈ বিসম্বাদ একাংশ সমৰ্থকৰ । নিশা বেনাৰ-পোষ্টাৰ ফালি একাকাৰ বিজেপি সমৰ্থকসকলৰ । ৰণজিৎ দাস মুৰ্দাবাদ ধ্বনিৰে উত্তাল পৰিৱেশ সৃষ্টি একাংশ বিজেপি কৰ্মীৰ ৷

বিজনীত প্ৰাৰ্থিত্ব কেন্দ্ৰীক সংঘাট
বিজনীত প্ৰাৰ্থিত্ব কেন্দ্ৰীক সংঘাট

চিৰাং,15 মাৰ্চ:ৰাজ্যত সঘনে দেখিবলৈ পোৱা গৈছে নিৰ্বাচনকেন্দ্ৰিক সংঘাত ৷ দেওবাৰে নিশা তেনে এক পৰিস্থিতি সৃষ্টি হয় চিৰাং জিলাৰ ৩৩নং বিজনী বিধানসভা সমষ্টিত ৷ একাংশ দলীয় বিজেপি কৰ্মীয়ে ভাঙি-চিঙি চুৰমাৰ কৰে ৰণজিৎ দাসৰ লগতে দলীয় বেনাৰ-পোষ্টাৰ ৷

বিজনীত প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাতৰ চৰম পৰ্যায়

চিৰাং জিলাৰ ৩৩নং বিজনী বিধানসভা সমষ্টিত পুৰণি বিজেপি কৰ্মী অৰূপ নাথক বঞ্চিত কৰি ন-বিজেপি অজয় কুমাৰ ৰয়ক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে ভাৰতীয় জনতা পাৰ্টীৰ শীৰ্ষ নেতৃত্বই ৷ যাৰ বাবে ক্ষোভিত হৈ পৰিছে একাংশ বিজেপি কৰ্মী ৷

বিজনীত প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাতৰ চৰম পৰ্যায়

ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ দাসৰ বেনাৰ-পোষ্টাৰ ফালি দেওবাৰে নিশা প্ৰতিবাদ সাব্যস্ত কৰে অৰূপ নাথৰ সমৰ্থকসকলে ৷ প্ৰতিবাদস্থলীত ৰণজিৎ দাস মুৰ্দাবাদ ধ্বনি দি পৰিৱেশ উত্তাল কৰি তোলে অৰূপ নাথৰ সমৰ্থকসকলে ৷

লগতে পঢ়ক:নগাঁৱৰ ভোটাৰে নাজানে নিৰ্বাচনৰ তাৰিখ !

ABOUT THE AUTHOR

...view details