অসম

assam

By

Published : Apr 3, 2021, 7:52 PM IST

ETV Bharat / state

হিমন্ত বিশ্ব শৰ্মা হিৰ’ হ’ব খুজি জিৰ’ হ’ল: হাগ্ৰামা মহিলাৰী

শনিবাৰে চিৰাং জিলাৰ বিজনীৰ বিদ্যাপীঠ খেলপথাৰত বিপিএফ মহাজোঁটৰ প্ৰাৰ্থী কমল সিং নাৰ্জাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশ লয় হাগ্ৰামা মহিলাৰীয়ে । তাৰপিছতে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আক্ৰমনাত্মক হৈ পৰে হাগ্ৰামা মহিলাৰী ৷

হিমন্ত বিশ্ব শৰ্মা হিৰো হ’ব খুজি জিৰো হ’ল: হাগ্ৰামা মহিলাৰী
হিমন্ত বিশ্ব শৰ্মা হিৰো হ’ব খুজি জিৰো হ’ল: হাগ্ৰামা মহিলাৰী

চিৰাং, 3 এপ্ৰিল: চিৰাঙৰ বিজনীত নিৰ্বাচনী প্ৰচাৰত দেখা গ’ল বিটিচিৰ প্ৰাক্তন মুখ্য তথা বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীক। শনিবাৰে চিৰাং জিলাৰ বিজনীৰ বিদ্যাপীঠ খেলপথাৰত বিপিএফ মহাজোঁটৰ প্ৰাৰ্থী কমল সিং নাৰ্জাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশ লয় হাগ্ৰামা মহিলাৰীয়ে । এই বিশাল নিৰ্বাচনী সভাত কমল সিং নাৰ্জাৰীৰ বিজয় নিশ্চিত বুলি দাবী কৰে হাগ্ৰামা মহিলাৰীয়ে।

হিমন্ত বিশ্ব শৰ্মা হিৰো হ’ব খুজি জিৰো হ’ল: হাগ্ৰামা মহিলাৰী

ইপিনে এইবাৰ অসমত মহাজোঁটৰ চৰকাৰ হোৱাটো নিশ্চিত বুলি ভাষণত কয় হাগ্ৰামা মহিলাৰীয়ে ৷ হিমন্ত বিশ্ব শৰ্মাই মোক গালী দি হিৰ’ হ'ব খুজিছিল পিছত নিজেই জিৰ’ হৈ গ'ল বুলি কয় হাগ্ৰামাই । পাইছে মজা এতিয়া মোৰ লগত কাজিয়া কৰে । মইয়ো কম দিয়া নাই বুলি কয় হাগ্ৰামাই ।

হিমন্ত বিশ্ব শৰ্মা হিৰো হ’ব খুজি জিৰো হ’ল: হাগ্ৰামা মহিলাৰী

একেদৰে বিজেপি হাটাও আছাম বাচাও বুলি কোৱাৰ লগতে অহা দুই মে’ত বিজেপিৰ শ্ৰাদ্ধ পতাৰ কথাও কয় হাগ্ৰামাই । সকলোতে বিজেপি মাইনাচ হৈছে আৰু চৰকাৰ বনাব নোৱাৰে বিজেপিয়ে কেনেকৈ হিমন্তই চৰকাৰ বনাম বুলি কয় মই বুজিব পৰা নাই বুলি হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰা দেখা যায় হাগ্ৰামা মহিলাৰীক । ইপিনে নিৰ্বাচন আয়োগে হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত যি ব্যৱস্থা লৈছে সেয়া আইনগত ভাৱে লৈছে বুলি কয় হাগ্ৰমাই ।

লগতে পঢ়কঃ 24 ঘন্টা হ্ৰাস পালে ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত থকা নিষেধাজ্ঞা

ABOUT THE AUTHOR

...view details