অসম

assam

By

Published : Apr 2, 2021, 9:30 PM IST

ETV Bharat / state

বিজনীত নিৰ্বাচনী প্ৰচাৰ চলালে সৰ্বানন্দ সোণোৱালে

চিৰাং জিলাৰ বিজনীৰ বিজনী বান্ধৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত শুকুৰবাৰে নিৰ্বাচনী প্ৰচাৰ চলায় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ বিজনী বিধানসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী অজয় কুমাৰ ৰায়ৰ সমৰ্থনত নিৰ্বাচনী প্ৰচাৰ চলায় মুখ্যমন্ত্ৰী সোণোৱালে ৷

chirang-bijni-cm-campaign
বিজনীত নিৰ্বাচনী প্ৰচাৰ চলালে সৰ্বানন্দ সোণোৱালে

চিৰাং, 2 এপ্ৰিল : চিৰাং জিলাৰ বিজনীৰ বিজনী বান্ধৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত শুকুৰবাৰে নিৰ্বাচনী প্ৰচাৰ চলায় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ বিজনী বিধানসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী অজয় কুমাৰ ৰায়ৰ সমৰ্থনত নিৰ্বাচনী প্ৰচাৰ চলায় মুখ্যমন্ত্ৰী সোণোৱালে ৷

বিজনীত নিৰ্বাচনী প্ৰচাৰ চলালে সৰ্বানন্দ সোণোৱালে

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভাষণত অসমত শান্তি, সম্প্ৰীতিৰে উন্নতিৰ বাবে আগুৱাই যোৱাৰ বাবে বিজেপি নেতৃত্বাধীন চৰকাৰে ৰাইজৰ আস্থাভাজন দল হিচাপে পৰিগণিত হৈছে বুলি ব্যক্ত কৰে ৷ ব্ৰহ্মপুত্ৰ, বৰাকৰ পাহাৰে ভৈয়ামে বিজেপিয়ে সমন্বয় ৰক্ষা কৰি আগুৱাই আহি বিগত পাঁচ বছৰত দলে অসমৰ ৰাইজৰ বাবে অভূতপূৰ্ব উন্নয়ন সাধন কৰিবলৈ সক্ষম হোৱা বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

বিজনীত নিৰ্বাচনী প্ৰচাৰ চলালে সৰ্বানন্দ সোণোৱালে

তদুপৰি বিজেপি পুনৰ শাসনলৈ আহিলে বিভিন্ন উন্নয়নমূলক কাম-কাজ কৰা হ‘ব বুলিও আশ্বাস প্ৰদান কৰে সৰ্বানন্দ সোণোৱালে ৷ উক্ত অনুষ্ঠানত ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰী, বিজেপি দলৰ প্ৰাৰ্থী অজয় কুমাৰ ৰায়েও ভাষণ প্ৰদান কৰে ৷ সভাখনত উপস্থিত থাকে কেবাসহস্ৰাধিক ৰাইজ ৷

লগতে পঢ়ক:নিৰ্বাচন আয়োগৰ প্ৰেছ বিজ্ঞপ্তি : নিলম্বন 4 নিৰ্বাচনী বিষয়া

ABOUT THE AUTHOR

...view details