অসম

assam

ETV Bharat / state

বি পি এফত যোগদান 90 জন বিজেপি আৰু চি পি এমৰ সদস্য - ৯০ জন বিজেপী আৰু চি পি এম দলৰ সদস্য

চিৰাঙত 90 জন বিজেপি আৰু চি পি এম দলৰ সদস্যই যোগদান কৰে বি পি এফ দলত

বি পি এফত যোগদান ৯০ জন বিজেপী আৰু চি পি এম দলৰ সদস্য

By

Published : Mar 29, 2019, 10:18 PM IST

চিৰাং,২৯ মাৰ্চ: আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে মাজত মাত্ৰ কেইটামান দিন থকাৰ সময়তে ৰাজ্যত ইতিমধ্যেই আৰম্ভ হৈছে প্ৰচাৰ অভিযান । প্ৰচাৰ অভিযানৰ মাজতেই শুকুৰবাৰে চিৰাং জিলাৰ বিজনীত অনুস্থিত এখন সভাত বিজেপি আৰু চি.পি.এম দলৰ প্ৰায় 90 জন লোকে বি.পি.এফ.ত যোগদান কৰে । বিজনী নগৰ সমিতিৰ অধ্যক্ষ ৰমাকান্ত বসুমতাৰী আৰু বি.টি.চি.ৰ প্ৰাক্তন কাৰ্য্যবাহী সদস্য সিংহৰাম বড়োৰ ওচৰতএই সকল লোকে বি.পি.এফ.ত যোগদান কৰে । আনহাতে 26মাৰ্চ তাৰিখে অনুষ্ঠিত হোৱা এখন সভাত শতাধিক লোকে বিপিএফত যোগদান কৰিছিল । এই সন্দৰ্ভত বিজনী নগৰ সমিতিৰ অধ্যক্ষ জনে কয় - ভৱিষ্যতেও এইদৰে বিপিএফত যোগদান কাৰ্যসূচীচলিয়ে থাকিব আৰু ৫ নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ বিপিএফৰ প্ৰাৰ্থী প্ৰমিলা ৰাণীব্ৰহ্ম বিপুল ভোটত জয়ী হ’ব বুলিও দাবী কৰে ।

বি পি এফত যোগদান 90 জন বিজেপি আৰু চি পি এমৰ সদস্য

ABOUT THE AUTHOR

...view details