অসম

assam

By

Published : Apr 14, 2021, 10:53 PM IST

ETV Bharat / state

বিজনীত চাৰি দিনীয়াকৈ বিহুৰ আয়োজন

বিজনী ৰঙালী বিহু উদযাপন সমন্বয় সমিতিৰ উদ্যোগত আয়োজিত এই কাৰ্যসূচীৰ বুধবাৰে পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰা হয় । প্ৰথম দিনা শ্বহীদ বেদীত বন্তি প্ৰজ্বলনৰ লগতে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।

বিজনীত চাৰি দিনীয়াকৈ বিহুৰ আয়োজন
বিজনীত চাৰি দিনীয়াকৈ বিহুৰ আয়োজন

চিৰাং,১৪ এপ্ৰিল:ৰঙালীক লৈ ৰাজ্যজুৰি উচাহ - উদ্দীপনা অব্যাহত থকাৰ সমান্তৰালকৈ ৰাজ্যৰ ভিন্ন প্ৰান্তত ঠায়ে ঠায়ে বিহু সমিতি সমূহো ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে ৷ বিগত বছৰৰ দৰে এইবাৰো চিৰাঙৰ বিজনীত পৰম্পৰা ৰক্ষা কৰি চাৰি দিনীয়াকৈ বিহুৰ আয়োজন কৰা হৈছে ৷

বিজনী ৰঙালী বিহু উদযাপন সমন্বয় সমিতিৰ উদ্যোগত আয়োজিত এই কাৰ্যসূচীৰ বুধবাৰে পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰা হয় । বিহু উদযাপন সমিতিৰ সভাপতি ৰবীন দাসে পতাকা উত্তোলন কৰে ।

ইফালে শ্বহীদ বেদীত বন্তি প্ৰজ্বলনৰ লগতে বুধবাৰে কণ কণ ল'ৰা-ছোৱালীৰ মাজত বিভিন্ন খেল-ধেমালিৰ লগতে বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হয় । বিহু হুচৰিৰ লগতে বুধবাৰৰ অনুষ্ঠানত ভিন্ন জাতি-জনগোষ্ঠীৰ নৃত্য পৰিৱেশন কৰা হয় ৷

লগতে পঢ়ক:নদীত গা ধুৱলৈ গৈ ভাতৃ-ভগ্নীৰ সলিল সমাধি

ABOUT THE AUTHOR

...view details