চিৰাং, ৯ ফেব্ৰুৱাৰী:চিৰাং জিলাৰ ঢালিগাঁও স্থিত ভাৰতীয় তেল নিগমৰ অধীনস্থ বঙাইগাঁও শোধনাগাৰত মঙলবাৰে পুৱাৰে পৰা জিলা দুৰ্যোগ প্ৰশমন বিভাগৰ উদ্যোগত বিশেষ উদ্ধাৰ অভিযানৰ আখৰা অনুষ্ঠিত কৰা হয় । গধুৰ উদ্যোগ বঙাইগাঁও শোধনাগাৰত হঠাতে অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হ'লে বিশেষকৈ পেট্ৰ'লজাত সামগ্ৰীত অগ্নিকাণ্ডৰ ঘটনাত কিদৰে ইয়াৰ পৰা ৰক্ষা পাব পৰা যাব আৰু ৰাইজে কিদৰে সজাগ থাকিব লাগিব,অগ্নিকাণ্ড দমনৰ বাবে কি ধৰণে ব্যৱস্থা ল'ব লাগিব সেই সমগ্ৰ বিষয়ত আখৰা অনুষ্ঠিত কৰে বিভাগটোৱে ।
বঙাইগাঁও শোধনাগাৰত বিশেষ ম'ক ড্ৰীল - জিলা দুৰ্যোগ প্ৰশমন বিভাগ
বঙাইগাঁও শোধনাগাৰত জিলা দুৰ্যোগ প্ৰশমন বিভাগৰ উদ্যোগত ম'ক ড্ৰীল কাৰ্যসূচী । ম'ক ড্ৰীল সন্দৰ্ভত চিৰাং জিলা উপায়ুক্তৰ কাৰ্য্যালয়ত উপায়ুক্ত আৰু বঙাইগাঁও শোধনাগাৰ কতৃপক্ষৰ উপস্থিতিত বিশেষ সভা আয়োজন কৰা হয় ।
বঙাইগাঁও শোধনাগাৰত বিশেষ ম'ক ড্ৰীল
ইয়াৰ পিছতে চিৰাং জিলা উপায়ুক্তৰ কাৰ্য্যালয়ত জিলা দুৰ্যোগ প্ৰশমন বিভাগৰ মুৰব্বী হিচাবে জিলা উপায়ুক্ত গৌতম তালুকদাৰে এই বিষয়ে বিষদ আলোচনা কৰে । এই সভাত বঙাইগাঁও শোধনাগাৰৰ পৰিচালন সঞ্চালক এছ.পি বৰুৱাকে আদি কৰি বহু বিষয়া আৰু জিলা প্ৰশাসনৰ লোক উপস্থিত থাকে ।
লগতে পঢ়ক:কিমিনৰ ঘটনাৰ প্ৰতিবাদত পহুমৰা-কিমিন সংযোগী পথ অৱৰোধ