চিৰাং,21 ফেব্ৰুৱাৰীঃ ২০ ফেব্ৰুৱাৰীৰ পৰা তিনিদিনীয়াকৈ চিৰাঙৰ ঢালিগাঁৱত ভাৰতীয় তেল নিগমৰ বঙাইগাঁও শোধনাগাৰ উপ নগৰিত ১১ সংখ্যক পুষ্প প্ৰদৰ্শনী মেলা অনুষ্ঠিত কৰা হয় ৷ এই পুষ্প মেলাৰ শুভাৰম্ভ কৰা হয় শনিবাৰে সন্ধিয়া ৷ শোধনাগাৰৰ জ্যেষ্ঠ প্ৰৱন্ধক কৈলাশ পতিয়ে আনুষ্ঠানিকভাৱে এই পুষ্প মেলাৰ ফিটা কাটি শুভাৰম্ভ কৰে ৷ এই মেলাত ২৮ টা পৰ্যায়ত প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় ।
উল্লেখ্য যে, প্ৰথম অৱস্থাত পৰিৱেশৰ ভাৰসাম্য ৰক্ষাৰ আৰু সচেতনতা বৃদ্ধিৰ লক্ষ্যৰে শোধনাগাৰ উপনগৰীৰ বাসিন্দাসকলৰ মাজত অনুষ্ঠিত কৰা হৈছিল ৷ কিন্তু এই পুষ্প মেলাই এতিয়া সমগ্ৰ জিলাখনৰ লগতে অসমত সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে । অসমৰ বিভিন্ন প্ৰান্তৰ পৰা এই পুষ্প প্ৰদৰ্শনী মেলালৈ মানুহৰ সমাগম ঘটা পৰিলক্ষিত হৈছে ।