চিৰাং, 17 জুলাইঃনেৰা নেপেৰাকৈ হোৱা ধাৰাষাৰ বৰষুণৰ লগতে ভূটানৰ পৰা নামি অহা পানীয়ে আই নদীৰ দাঁতিকাষৰীয়া গাঁওবাসীৰ মাজত কালৰূপ ধাৰণ কৰা বানপানীয়ে এক বিভীষিকাময় পৰিৱেশৰ সৃষ্টি কৰিছে সকলোতে। বানপানীয়ে উঠুৱাই নিছে মানুহৰ ঘৰৰ লগতে পশুধন । নষ্ট কৰিছে খেতিয়কে মূৰৰ ঘাম মাটিত পেলাই কৰা হাজাৰ হাজাৰ বিঘা কৃষিভূমি । বানৰ কবলত পৰি সকলো হেৰুৱাই একাংশ বানপীড়িত লোকে এতিয়া আশ্ৰয় লৈছে ওখত স্থানত ৷ বানাক্ৰান্ত লোকৰ মাজত এতিয়া হাহাকাৰ পৰিস্থিতি ৷ এফালে বাসস্থানৰ চিন্তা আনফালে খাদ্যৰ সংকট ৷
বিজনীত বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ সামগ্ৰী বিতৰণ - খাদ্য সামগ্ৰী
শুকুৰবাৰে সদৌ বিটিচি বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ উদ্যোগত চিৰাঙৰ বিজনীৰ বৰ্ন্যাতৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে ।
![বিজনীত বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ সামগ্ৰী বিতৰণ বিজনীত বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ সামগ্ৰী বিতৰণ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-8068699-thumbnail-3x2-chirnag.jpg)
আজি সদৌ বিটিচি বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ উদ্যোগত আৰু বিজনী আঞ্চলিকৰ সহযোগত বিজনী মহকুমাৰ অন্তৰ্গত শিশুবাড়ী,নোয়াপাৰা আশ্ৰয় শিবিৰত থকা অসহায় বৰ্ন্যাতৰ মাজত শিশু খাদ্যৰ লগতে চিৰা,মুড়ি,গুৰমিঠাই,বিস্কুট,চাৰ্ফ,চাবোনৰ আদি বান সাহাৰ্য হিচাপে বিতৰণ কৰে।
সদৌ বিটিচি বঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ এই পদক্ষেপক বৰ্ন্যাতই শলাগ লোৱাৰ লগতে প্ৰশংসা কৰে অঞ্চলবাসীয়ে। ছাত্ৰ সংগঠনটোৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ব্ৰজগোপাল সৰকাৰ,চিৰাং জিলা সম্পাদক ৰাহুল ঘোষ,বিজনী আঞ্চলিক সভাপতি উত্তম ভৌমিক,সম্পাদক ৰাজু সাহা বৰ্ন্যাতৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে ।
লগতে চাওকঃ ভৰলুমুখত দৈন্যক খাদ্য সামগ্ৰী বিতৰণ জিলা প্ৰশাসনৰ