চিৰাং,27 জানুৱাৰীঃ বিজনীৰ পাণবাৰীত অসম বন্ধৰ সময়তে এ বি এম এচ ইউ ৰ কৰ্মীসকলে প্ৰতিবাদ কৰা দেখা যায় ৷ বি টি চি ত অ-বড়ো সকলৰ অধিকাৰৰ দাবীত এই বন্ধ সোমবাৰে আহ্বান জনোৱা হৈছিল । অ-বড়ো দল-সংগঠনক অন্ধকাৰত ৰাখি কেন্দ্ৰীয় চৰকাৰে একপক্ষীয়ভাৱে লোৱা এই সিদ্ধান্তৰ বিৰোধিতাৰে বন্ধৰ আহ্বান জনোৱা হৈছিল ৷
ৰাজ্যজুৰি সৰ্বাত্মক অসম বন্ধৰ প্ৰভাৱ
12:31 January 27
বিজনীৰ পাণবাৰীতো অসম বন্ধৰ সৰ্বাত্মক প্ৰভাৱ
12:08 January 27
ৰাইজৰ প্ৰতিবাদ সাব্যস্ত ৰঙিয়াত
ৰঙিয়া,27 জানুৱাৰীঃ ৰঙিয়াৰ কাউৰবাহাতো অসম বন্ধ সৰ্বাত্মক পৰে ৷ বড়ো শান্তি চুক্তিৰ নামত কেন্দ্ৰীয় শাসিত পৰিষদ গঠনৰ বিৰোধিতাৰে ৰাইজে ৰাজপথত টায়াৰ জ্বলাই সাব্যস্ত কৰে প্ৰতিবাদ । এন ডি এফ বি ৰ দৰে সাধাৰণ ৰাইজে হাতত অস্ত্ৰ তুলি নোলোৱাৰ বাবেই চৰকাৰে জোৰজুলুমকৈ প্ৰায় ৭৩ শতাংশ অনা-বড়োৰ ওপৰত এই সিদ্ধান্ত জাপি দিব বিচাৰিছে বুলি অভিযোগ উত্থাপন হৈছে । বন্ধৰ সময়ছোৱাত শিক্ষানুষ্ঠানৰ লগতে ব্যৱসায়িক প্ৰতিষ্ঠানসমূহো বন্ধ থাকে ৷
11:51 January 27
বৰমাত ৰাষ্ট্ৰীয় ঘাইপথত সেৰেঙা যানবাহনৰ চলাচল
বৰমা,27 জানুৱাৰীঃবড়ো শান্তিচুক্তিৰ বিৰোধিতাৰে সোমবাৰে আহ্বান জনোৱা হৈছে অসম বন্ধৰ৷ অবড়ো সংগঠনসমূহে আহ্বান কৰা বন্ধৰ ফলত বৰমাত ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ স্বতঃস্ফুৰ্তভাৱে বন্ধ হয়৷ বন্ধৰ সময়ছোৱাত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত যান-বাহনৰ চলাচল সেৰেঙা হোৱা দেখা যায়৷
11:03 January 27
শান্তিচুক্তিৰ বিৰোধিতাৰে বন্ধৰ আহ্বান
চিৰাং,27 জানুৱাৰীঃ চিৰাঙত ইউ টি চি ৰ বিৰুদ্ধে সৰ্বাত্মক বন্ধৰ প্ৰভাৱ। জিলাখনত এন ডি এফ বি-ৰে শান্তিচুক্তিৰ নামত কেন্দ্ৰীয় শাসিত পৰিষদ প্ৰদান কৰা সিদ্ধান্তৰ বিৰোধিতাৰে আহ্বান জনোৱা হয় এই অসম বন্ধৰ৷ চিৰাঙৰ ছাপাগুৰি,ঢালিগাঁও,কুকুৰমাৰী,কাজলগাঁও,স্যামথাইবাৰীত বন্ধৰ প্ৰভাৱ পৰে৷