অসম

assam

ETV Bharat / state

পূজাৰ প্ৰাকক্ষণত তৎপৰ চিৰাং আৰক্ষীঃ উৰাবাতৰিত ভোল নাযাবলৈ ৰাইজক আহ্বন

চিৰাং জিলাৰ ঢালিগাঁৱত আৰক্ষী প্ৰশাসনে শাৰদীয় দুৰ্গা পূজাত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয়,তাৰবাবে এখন সজাগতা সভা অনুষ্ঠিত কৰে । উৰাবাতৰিৰ ফলত যাতে কোনো ধৰণৰ হিংসাত্মক ঘটনা সংঘটিত নহয় তাৰ বাবে ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে অনুষ্ঠিত কৰে এই সভা।

উৰাবাতৰিৰ বিৰুদ্ধে চিৰাং আৰক্ষী প্ৰশাসনৰ সজাগতা সভা

By

Published : Oct 4, 2019, 8:33 PM IST

চিৰাং, ৪ অক্টোবৰঃ চিৰাং জিলাৰ ঢালিগাঁৱত আৰক্ষী প্ৰশাসনে সজাগতা সভা অনুষ্ঠিত কৰে । পূজাৰ সময়ত বিভিন্ন ঠাইত চলি থকা সোপাধৰা, স্প্ৰে-মেন তথা অন্যান্য উৰাবাতৰিৰ বিষয়ে ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে এই সজাগতা অনুষ্ঠানৰ আয়োজন ।


আজিৰে পৰা আৰম্ভ হোৱা শাৰদীয় দুৰ্গোৎসৱৰ বাবে প্ৰশাসনে সমগ্ৰ ৰাজ্যখনতেই চোকা নিৰাপত্তাৰ ব্যৱস্থা কৰিছে । চিৰাং জিলাতো শান্তিপূৰ্ণ আৰু শংকাবিহীনভাৱে দুৰ্গাপূজা অনুষ্ঠিত কৰাৰ বাবে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে আৰক্ষী প্ৰশাসনে ৷ এই কথা প্ৰকাশ কৰিছে চিৰাং জিলাৰ আৰক্ষী অধীক্ষক সুধাকৰ সিঙে ৷

উৰাবাতৰিৰ বিৰুদ্ধে চিৰাং আৰক্ষী প্ৰশাসনৰ সজাগতা সভা

চিৰাং জিলাৰ ঢালিগাঁও থানাৰ উদ্যোগত ঢালিগাঁৱস্থিত বঙাইগাঁও শোধনাগাৰ কৰ্মচাৰী সন্থাৰ কাৰ্যালয় ভৱনত অনুষ্ঠিত এক সজাগতা সভাত মুখ্য অতিথিৰূপে অংশ লৈ আৰক্ষী অধীক্ষক সুধাকৰ সিঙে চিৰাং জিলাত ১২১ খন দুৰ্গা পূজা মণ্ডপত পূজা অনুষ্ঠিত হ'ব বুলি জানিবলৈ দিয়ে ৷ দুৰ্গোৎসৱত জাতে কোনো ধৰণৰ হিংসাত্মক ঘটনা সংঘটিত হব নোৱাৰে তাৰ বাবে সমগ্ৰ ৰাজ্যখনৰ লগতে চিৰাং জিলা প্ৰশাসনেও সতৰ্ক দৃষ্টি ৰাখিছে । এই সন্দৰ্ভত সকলো আৰক্ষী চকীৰ উদ্যোগত সজাগতা সভা অনুষ্ঠিত কৰা হৈছে বুলি মন্তব্য কৰে আৰক্ষী বিষয়াজনে ৷

আনহাতে সকলো পূজা মণ্ডপত নিৰাপত্তা প্ৰদান সম্ভৱ নহোৱাৰ বাবে পূজা সমিতি, গাঁওৰক্ষী বাহিনীক পূজা উদযাপনত যাতে কোনো ধৰণৰ বিশৃংখল পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে সজাগ হৈ থাকিবলৈ আহ্বান জনাই । লগতে কোনো ধৰণৰ উৰাবাতৰিত ৰাইজক ভোল নাযাবলৈ আহ্বান জনোৱাৰ লগতে শান্তিপূৰ্ণভাৱে পূজা উদযাপন কৰিবলৈ আহ্বান জনায় ৷ তাৰোপৰি পূজাস্থলীত মাদক দ্ৰব্য নিষিদ্ধ কৰাৰ লগতে প্ৰশাসনক সহযোগিতা কৰিবলৈ ৰাইজক আহ্বান জনায় আৰক্ষী অধীক্ষক গৰাকীয়ে । উক্ত সভাত চিৰাং জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বেদান্ত প্ৰকাশ বৰকাকতি, উপ- আৰক্ষী অধীক্ষক প্ৰতাপ দাসৰ লগতে পূজা সমিতিৰ বিষয়ববীয়া আৰু গাঁওৰক্ষী বাহিনীৰ সম্পাদক সকল উপস্থিত থাকে ৷

ABOUT THE AUTHOR

...view details