চিৰাং,20 এপ্ৰিলঃচিৰাঙৰ ঢালিগাওঁ থানাৰ অন্তৰ্গত হাতিপোতাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা ৷ চাৰিজনকৈ লোকে অঞ্চলটোৰ এগৰাকী ৩০ বছৰীয়া মহিলাক ধৰ্ষণৰ অপচেষ্টা চলোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷ উল্লেখ্য যে, মহিলাগৰাকীৰ স্বামী কৰ্মসূত্ৰে বঙাইগাঁও জিলাৰ পতিলাদহাত আছিল ৷ মহিলাগৰাকীয়ে গাঁৱৰে এজন লোকৰ ঘৰত কেইবাদিন ধৰি কাম কৰি আছিল আৰু শুক্ৰবাৰে কামৰ পইচা লৈ ঘৰলৈ ওভটাৰ পথতে চাৰিওজন লোকে মহিলাগাৰকীক ধৰ্ষণৰ চেষ্টা চলায় ৷
চিৰাঙৰ মহিলাক ধৰ্ষণৰ অপচেষ্টা চাৰি পাষণ্ডৰ - Dhaligaon
চিৰাঙৰ ঢালিগাওঁ থানাৰ অন্তৰ্গত হাতিপোতাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা ৷ চাৰিজনকৈ লোকে অঞ্চলটোৰ এগৰাকী ৩০ বছৰীয়া মহিলাক ধৰ্ষণৰ অপচেষ্টা চলোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷
আনহাতে, এই সমগ্ৰ ঘটনা নিজৰ ম’বাইল কেমেৰাত আবদ্ধ কৰে লোককেইজনে ৷ ঘটনাৰ বিষয়ে আৰক্ষীক অৱগত কৰিলে ভিডিঅ’ ভাইৰেল কৰাৰ ভাবুকি প্ৰদান কৰে অভিযুক্ত লোককেইজনে ৷ সম্প্ৰতি ঘটনা সন্দৰ্ভত ভাৰতীয় দণ্ডবিধিৰ ৩৪১/৩৭৬/৫১১/৩২৫/৩৪ ধাৰা অনুসৰি ৯৬/২০ নম্বৰত ঢালিগাঁও থানাত এক গোচৰ ৰুজু কৰা হৈছে ৷ ঢালিগাঁও থানাৰ আৰক্ষীয়ে ইতিমধ্যে তিনি পাষণ্ড খুুৰশ্বেদ আলম ওৰফে ভুট্টো,চাজাহান আলী আৰু ছফিদুুুল ইছলামক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৷ দোষীক উপযুক্ত শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰিছে চিৰাং জিলা বজৰং দলে ৷
লগতে পঢ়ক-লক ডাউনৰ সকলো খবৰ,ক’ত কি ঘটিল ?