অসম

assam

By

Published : Jan 24, 2021, 9:46 PM IST

ETV Bharat / state

বিজনীত অসম জাতীয় পৰিষদৰ সভা সম্পন্ন

চিৰাঙত দেওবাৰে অসম জাতীয় পৰিষদৰ এক যোগদান সমাৰোহ অনুষ্ঠিত কৰা হয় ৷ উক্ত সমাৰোহত অসম জাতীয় পৰিষদৰ চিৰাং জিলা সমিতি আৰু জাতীয় যুৱ শক্তিৰ কমিটী গঠন কৰা হয় ৷ লগতে সমাৰোহত শতাধিক লোকে অসম জাতীয় পৰিষদত যোগদান কৰে ।

Chirang Assam Jatio parisad comittee
বিজনীত অসম জাতীয় পৰিষদৰ সভা সম্পন্ন

চিৰাং, 24 জানুৱাৰী : চিৰাং জিলাৰ বিজনীস্থিত ডঃ আম্বেদকাৰ সমুহীয়া কেন্দ্ৰত দেওবাৰে অসম জাতীয় পৰিষদৰ এক যোগদান সমাৰোহ অনুষ্ঠিত হৈ যায় । উক্ত সমাৰোহতে অসম জাতীয় পৰিষদৰ চিৰাং জিলা সমিতি আৰু জাতীয় যুৱ শক্তিৰ কমিটী গঠন কৰা হয় । দেওবাৰৰ যোগদান সমাৰোহত বিভিন্ন ৰাজনৈতিক দলৰ পৰা শতাধিক লোকে অসম জাতীয় পৰিষদত যোগদান কৰে ।

বিজনীত অসম জাতীয় পৰিষদৰ সভা সম্পন্ন

উক্ত সমাৰোহতে খলিলুৰ ৰহমানক সভাপতি আৰু অলক ৰায়ক সাধাৰণ সম্পাদক লৈ ৫০ জনীয়া জাতীয় পৰিষদৰ চিৰাং জিলা সমিতি গঠন কৰাৰ লগতে হৃদজ্যোতি দাসক সভাপতি আৰু জাহিদুল ইসলাম সেখক সাধাৰণ সম্পাদক হিচাপে লৈ ৫০ জনীয়া চিৰাং জিলা সমিতি জাতীয় যুৱ শক্তিৰ কমিটী গঠন কৰা হয় ।

বিজনীত অসম জাতীয় পৰিষদৰ সভা সম্পন্ন

উক্ত অনুষ্ঠানত উপকেন্দ্ৰীয় সমিতিৰ অসম জাতীয় পৰিষদৰ সম্পাদক চিত্তৰঞ্জন বসুমতাৰী, কেন্দ্ৰীয় সমিতিৰ যুটীয়া সম্পাদক নৃপেন দাস আৰু চিৰাং জিলাৰ জাতীয় পৰিষদৰ তত্বাৱধায়ক উপেন ৰাজ নাথৰ লগতে কেইবাগৰাকীও বিশিষ্ট অতিথি উপস্থিত থাকে ।
লগতে পঢ়ক: বিজেপি আৰু আঞ্চলিক শক্তিক ৰুধিব পাৰিবনে কংগ্ৰেছ-এআইইউডিএফে ?

ABOUT THE AUTHOR

...view details