অসম

assam

ETV Bharat / state

চিৰাঙত দুদিনীয়াকৈ চাওতালসকলৰ বীৰ হুদুৰ দুৰ্গা চৰণ সভা

নৱমী আৰু দশমীৰ দিনা অসুৰক স্মৰণ কৰি পূজা কৰে আদিবাসী চাওতাল সকলে ৷

চিৰাঙত দুদিনীয়াকৈ চাওতালসকলৰ বীৰ হুদুৰ দুৰ্গা চৰন সভা

By

Published : Oct 8, 2019, 6:12 AM IST

Updated : Oct 8, 2019, 11:19 AM IST

চিৰাং, 8 অক্টোবৰ: চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ অদিবাসী অধ্য়ুষিত অঞ্চল দেউশ্ৰীত সোমবাৰৰ পৰা দুদিনীয়া কার্যসূচীৰে আয়োজন কৰা হৈছে ভূমিপুত্ৰ আদিবাসী চাওতাল সকলৰ বীৰ হুদুৰ দুৰ্গা চৰণ সভা ৷ নৱমী আৰু দশমীৰ দিনা নিজৰ আদিপুৰুষ অসুৰ সকলক স্মৰণ কৰি অতীজৰে পৰা এই পূজা কৰি আহিছে চাওতাল সকলে ৷

অসুৰৰ পূজা কৰা এইসকল চাওতাল লোকৰ নাই কোনো দুৰ্গাপূজা পালন কৰাৰ নিয়ম কিয়নো তেওঁলোকে দুৰ্গাক আচলতে পুৰুষ বুলি বিশ্বাস কৰে ৷ এইসকল চাওতাল আদিবাসী সম্প্ৰদায়ৰ লোকে বিশ্বাস কৰে দুৰ্গাপূজাই আচলতে আৰ্য সকলৰ সংস্কৃতিৰ হে পোষকতা কৰে ৷ তেওঁলোকৰ মতে দুৰ্গা দেৱীৰ নাম আচলতে শাৰদীয় দেৱীহে ৷ লগতে চাওতাল সকলে বিশ্বাস কৰে যে, আৰ্য আৰু অনাৰ্যৰ মাজত হোৱা যুদ্ধত অনাৰ্য অথবা অসুৰৰ পৰাজয় হৈছিল আৰু তাৰেই ফলস্বৰূপেই আৰ্যসকলে নৱমীৰ পাছৰ দিনটোত বিজয়া দশমী অথাৎ বিজয়ৰ উৎসৱ পালন কৰে ৷

ইটিভি ভাৰতৰে হোৱা কথোপকথনত পূজাস্থলীত উপস্থিত থকা চাওতাল সম্প্ৰদায়ৰ দুগৰাকী লোকে সাংবাদিকৰ আগত কয় যে, সম্ৰাট অসুৰ হে চাওতালসকলৰ পূৰ্বৰ ৰজা আছিল ৷ উল্লেখযোগ্য যে, যদিও এইসকল আদিবাসী লোকে অসুৰক পূজা কৰে কিন্তু মাঁঝী থান,জেহেৰ থান আৰু কুডামনাইকে নামৰ তিনিজনকৈ দেৱতাৰ নামত তেওঁলোকে থাপনা স্থাপনা কৰি পূজা অৰ্চনাও কৰে ৷

Last Updated : Oct 8, 2019, 11:19 AM IST

ABOUT THE AUTHOR

...view details