চিৰাং , ১২ জানুৱাৰী : চিৰাঙত অব্য়াহত আছে বন্য় প্ৰাণীৰ অবৈধ সৰবৰাহ । বন বিভাগ আৰু ১৫নং বেটেলিয়ান এছ এছ বিৰ যৌথ অভিযানত চিৰাঙত গ্ৰেপ্তাৰ হ’ল বনৰৌ সহ চাৰিজন লোক । দুষ্প্ৰাপ্য বনৰৌ বিক্ৰীৰ বাবে মেঘালয়ৰ পৰা চিৰাং হৈ কোকৰাঝাৰ লৈ যোৱাৰ পথত কাজলগাঁৱত বিশেষ তথ্যৰ ভিত্তিত চলোৱা অভিযানত গ্ৰেপ্তাৰ কৰা হয় সৰবৰাহকাৰী কেইজনক ।
চিৰাঙত বিক্ৰীৰ বাবে অনা দুষ্প্ৰাপ্য বনৰৌৰ সৈতে গ্ৰেপ্তাৰ চাৰিজন - বন সংমণ্ডল
বন বিভাগ আৰু ১৫নং বেটেলিয়ান এছ এছ বিৰ যৌথ অভিযানত চিৰাঙত গ্ৰেপ্তাৰ হ’ল বনৰৌ সহ চাৰিজন লোক । দুষ্প্ৰাপ্য বনৰৌ বিক্ৰীৰ বাবে মেঘালয়ৰ পৰা চিৰাং হৈ কোকৰাঝাৰ লৈ যোৱাৰ পথত কাজলগাঁৱত বিশেষ তথ্যৰ ভিত্তিত চলোৱা অভিযানত গ্ৰেপ্তাৰ কৰা হয় সৰবৰাহকাৰী কেইজনক ।
চিৰাঙত বিক্ৰীৰ বাবে অনা দুষ্প্ৰাপ্য বনৰৌৰ সৈতে গ্ৰেপ্তাৰ চাৰিজন
AS-16G-5185 নম্বৰৰ বিলাসি গাড়ী এখনেৰে ৮ কেজি ওজনৰ দুষ্প্ৰাপ্য বনৰৌ টো বিক্ৰীৰ বাবে আনি আছিল গোৱালপাৰা জিলাৰ ধুপধৰাৰ বাসিন্দা প্ৰেণ্ডি চাংমা, কোকৰাঝাৰ জিলাৰ আব্দুৰ ৰহিম , প্ৰদীপ নাথ আৰু ৰাহুল ৰায় নামৰ লোক কেইজনে । চাৰিওজনকে গ্ৰেপ্তাৰ কৰি চিৰাং বন সংমণ্ডলৰ কাৰ্যালয়ত ৰাখি জেৰা অব্যাহত ৰাখিছে বন বিভাগে।
লগতে পঢ়ক :ভোগালীৰ উৰুকাত কি চোৰ কৰিছিল আঙুৰলতা ডেকাই !