চিৰাং, ৬ জানুৱাৰী: গণৰাজ্য় দিৱসৰ প্ৰাকক্ষণত চিৰাঙত উদ্ধাৰ হয় বহু পৰিমাণৰ মাৰণাস্ত্ৰ । ৰাজ্য়ৰ প্ৰশাসন, আৰক্ষীৰ লোকসকলে দিনে-ৰাতিয়ে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলাৰ পাচতো ভাৰত-ভূটান সীমান্তত উদ্ধাৰ হয় মাৰণাস্ত্ৰ । ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি ভাৰত-ভূটান সীমান্তত এক গোপন তথ্যৰ ভিত্তিত চিৰাঙৰ বিজনী মহকুমাৰ আৰক্ষী বিষয়া শেখৰজ্যোতি ৰায়ৰ নেতৃত্বত চলা অভিযানত উদ্ধাৰ হয় এটা AK-৪৭, দুটা মেগাজিনসহ ৭.৬২ৰ ২৬ জাই সজীৱ গুলী ।
বিজনী মহকুমা আৰক্ষী বিষয়া শেখৰজ্যোতি ৰায়ে জানিবলৈ দিয়া মতে, তেওঁৰ নেতৃত্বত বিজনী থানা আৰক্ষী বিষয়া ৰূপক বড়া আৰু বল্লমগুড়ী উপ-আৰক্ষীৰ নেতৃত্বত চলা অভিযানত মানাহ অভয়াৰণ্যৰ দক্ষিণ দিশত থকা কুমাৰশালী গাঁৱৰ ঘন জংঘলৰ মাজত পুতি থোৱা অৱস্থাত উদ্ধাৰ হয় মাৰণাস্ত্ৰখিনি ।