চিৰাং, 8 আগষ্ট: শুকুৰবাৰে চিৰাঙৰ বিজনী থানাৰ অন্তৰ্গত ভাৰত-ভূটান সীমান্তৰ নতুন মাটীত মাৰণাস্ত্ৰসহ ঔষধ আৰু কিছু আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰা হয় ৷ সেনা-আৰক্ষীৰ যৌথ অভিযানত শুকুৰবাৰে নিশা ১১বাজি ৩০ মিনিটত ২নং নতুন মাটীৰ পৰা উদ্ধাৰ কৰা হয় সামগ্ৰীসমূহ ৷ ভাৰত-ভূটান সীমান্তৰ পৰা ১৫.৫ কিলোমিটাৰ দূৰৰ তথা সীমান্তৰ ১৮৬/৩ নং খুটাৰ ওচৰত এচ এচ বিৰ ৫৪নং বেটেলিয়নৰ ধলা সীমান্ত চকীৰ সহযোগত এই অভিযান চলোৱা হৈছিল ৷ ইতিমধ্যে বিজনী থানাৰ আৰক্ষীক সামগ্ৰীসমূহ গতাই দিয়া হৈছে ৷
চিৰাঙত মৰণাস্ত্ৰসহ আপত্তিজনক সামগ্ৰী উদ্ধাৰ - বিজনী থানা
সেনা-আৰক্ষীৰ যৌথ অভিযানত ভাৰত-ভূটান সীমান্তৰ নতুন মাটীত মাৰণাস্ত্ৰসহ উদ্ধাৰ কিছু আপত্তিজনক সামগ্ৰী ৷ সামগ্ৰীসমূহ বিজনী থানাৰ আৰক্ষীক গতাই দিয়া হৈছে ৷
চিৰাঙত মৰণাস্ত্ৰ সহ আপত্তিজনক সামগ্ৰী উদ্ধাৰ
অন্য এক খবৰৰ বাবে: আমগুৰিত মানৱ শৃংখল কাৰ্যসূচী
বিটিচি পৰিষদীয় নিৰ্বাচনৰ পূৰ্বে ধাৰাবাহিক ভাৱে বিটিচিৰ বিভিন্ন জিলাত এইদৰে উদ্ধাৰ হৈ আছে বহু মৰণাস্ত্ৰ ৷ যি সযময়ত বিটিআৰ গঠনৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে এন ডি এফবিৰ চাৰিওটা গোটৰ সৈতে শান্তি চুক্তি স্বাক্ষৰ কৰিছে,সেই সময়তে উদ্ধাৰ হোৱা মৰণাস্ত্ৰক লৈ অঞ্চসজুৰি সৃষ্টি হৈছে এতিয়া চাঞ্চল্য ।
Last Updated : Aug 8, 2020, 1:38 PM IST