অসম

assam

By

Published : Jul 30, 2019, 6:47 PM IST

ETV Bharat / state

চিৰাঙত হস্তনিৰ্মিত বন্দুকৰ কাৰখানা উৎখাত

চিৰাং জিলাৰ বিজনীৰ বাউতিপাৰাত হস্তনিৰ্মিত বন্দুকৰ কাৰখানা উৎখাত আৰক্ষীৰ । হস্ত নিৰ্মিত বন্দুক সহ উদ্ধাৰ বহু সামগ্ৰী ।

হস্তনিৰ্মিত বন্দুকৰ কাৰখানা উৎখাত আৰক্ষীৰ

চিৰাং,30 জুলাই : চিৰাং জিলাৰ বিজনী মহকুমাৰ অন্তৰ্গত বল্লমগুড়ীৰ উপ-আৰক্ষী চকীৰ অন্তৰ্গত বাউতিপাড়াত সোমবাৰে মাজনিশা এক গোপন তথ্যৰ ভিত্তিত অঞ্চলটোত বিজনী আৰক্ষীয়ে অভিযান চলাই উৎখাত কৰে হস্ত নিৰ্মিত বন্দুক নিৰ্মাণ কৰাৰ কাৰখানা। অভিযানটোৰ নেতৃত্বত আছিল বিজনী মহকুমা আৰক্ষী বিষয়া প্ৰকাশ মেধী আৰু বিজনী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰূপক বৰা ৷ বাৰুদ,হস্তনিৰ্মিত বন্দুক,হস্তনিৰ্মিত গুলীসহ বন্দুক নিৰ্মাণত ব্যৱহৃত বহু আপত্তিজনক সামগ্ৰী আৰক্ষীয়ে উদ্ধাৰ কৰে কাৰখানাৰ মালিক টেৰণ মুছাহাৰীৰ পুত্ৰ মনোজ মুছাহাৰীৰ ঘৰৰ পৰা ৷ কিন্তু আৰক্ষী ঘটনাস্থলীত উপস্থিত হোৱাৰ পূৰ্বেই পলায়ন কৰে মনোজ মুছাহাৰীয়ে ৷ ইফালে মনোজ মুছাহাৰী কোনো সংগঠনৰ লগত জড়িত নে আন কাৰোবাৰ বাবে অঞ্চলটোত এনেকুৱা অসামাজিক কাম দীৰ্ঘদিন ধৰি চলাই আছিল এই বিষয়ত এতিয়াও অনুসন্ধান অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

হস্তনিৰ্মিত বন্দুকৰ কাৰখানা উৎখাত আৰক্ষীৰ

ABOUT THE AUTHOR

...view details