চিৰাঙত হস্তনিৰ্মিত বন্দুকসহ আটক এজন - বন্দুক
চিৰাং জিলাৰ বিজনী মহকুমাৰ অন্তৰ্গত বল্লমগুড়ীৰ বাউতিপাৰাত মঙলবাৰে মাজনিশা আৰক্ষীয়ে অভিযান চলাই মনোজ মুছাহাৰী নামৰ লোকজনৰ ঘৰৰ পৰা 2 টা হস্তনিৰ্মিত বন্দুকসহ 10 জাই সজীৱ গুলী আৰু এটা খালী কাৰ্টুজ উদ্ধাৰ কৰে ৷
চিৰাঙত হস্ত নিৰ্মিত বন্দুকসহ আটক এজন
চিৰাং, 31 জুলাইঃ চিৰাং জিলাৰ বিজনী মহকুমাৰ অন্তৰ্গত বল্লমগুড়ীৰ বাউতিপাৰাত মঙলবাৰে মাজনিশা বিজনী মহকুমাৰ আৰক্ষী বিষয়া প্ৰকাশ মেধিৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযান চলাই মনোজ মুছাহাৰী নামৰ এজন লোকৰ ঘৰৰ পৰা 2 টা হস্তনিৰ্মিত বন্দুকসহ 10 জাই সজীৱ গুলী আৰু এটা খালী কাৰ্টুজ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ উল্লেখ্যযোগ্য যে, সোমবাৰে নিশা একেজন ব্যক্তিৰ ঘৰৰ পৰা আৰক্ষীয়ে এটা বন্দুকসহ বাৰুদ আৰু বন্দুক নিৰ্মাণ কৰা সামগ্ৰী উদ্ধাৰ কৰিছিল । ইতিমধ্যে বিজনী আৰক্ষীয়ে মনোজ মুছাহাৰীক আটক কৰি তদন্ত অব্যাহত ৰাখিছে ৷