চিৰাং, 25 আগষ্টঃসমাজক ড্ৰাগছৰ পৰা মুক্ত কৰাৰ উদ্দেশ্যে আৰু সামাজিক মাধ্যম ব্যৱহাৰৰ অপপ্ৰয়োগ ৰোধ কৰাৰ লক্ষ্যৰে আমছু বিজনী জিলা সমিতি তথা স্থানীয় ৰাইজৰ উদ্যোগত আৰু চিৰাং আৰক্ষীৰ সহযোগত অনুষ্ঠিত কৰা হয় সজাগতা সভা । শনিবাৰে পুৱা ড্ৰাগছৰ বিৰুদ্ধে সমদল উলিয়াইছিল বিজনী জিলা আমছুৱে আৰু তাৰ পিচতেই দেওবাৰে অনুষ্ঠিত হয় এই সভা । উক্ত সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে চিৰাং জিলা আৰক্ষী অধিক্ষক সুধাকৰ সিং, চিৰাং জিলা অতিৰিক্ত আৰক্ষী অধিক্ষক বেদান্ত বৰকাকতি, বিজনী মহকুমা আৰক্ষী অধিক্ষক প্ৰকাশ মেধি, বিজনী থানা আৰক্ষী বিষয়া ৰূপক বৰা, বিশিষ্ট সমাজকৰ্মী সকলৰ লগতে বিজনীৰ স্থানীয় লোকসকল ।
চিৰাঙত ড্ৰাগছৰ বিৰুদ্ধে সজাগতা সভা - চিৰাং
চিৰাঙৰ বিজনী কাউয়াটিকাত বিজনী জিলা আমছুৰ উদ্যোগত আৰু চিৰাং জিলা আৰক্ষীৰ সহযোগত ড্ৰাগছৰ বিৰুদ্ধে আৰু চ'ছিয়েল মিডিয়াৰ ব্যৱহাৰ সম্পৰ্কে সজাগতা সভা ।
চিৰাঙত ড্ৰাগছৰ বিৰুদ্ধে সজাগতা সভা
বিজনী কাউয়াটিকা ড্ৰাগছৰ এক অন্যতম ঘাটিত পৰিণত হৈছে । এই ড্ৰাগছৰ সৰবৰাহ বন্ধ কৰাৰ লগতে ড্ৰাগছৰ ব্যৱসায়ী সকলক উচিৎ শাস্তি দিয়াৰ দাবী জনায় বিজনী বাসীয়ে । এই ভয়াৱহ তথা ধ্বংসাত্মক ড্ৰাগছৰ কৱলৰ পৰা চিৰাং জিলাৰ যুৱ প্ৰজন্মক উদ্ধাৰৰ বাবে সকলো ধৰণৰ লোকৰ সহযোগিতাৰ আহ্বান জনায় চিৰাং জিলা আৰক্ষীয়ে ।