চিৰাং,19 ফেব্ৰুৱাৰীঃমধ্যাহ্ন ভোজন আঁচনি ব্যক্তিগতকৰণ কৰিব বিচৰা চৰকাৰী ষড়যন্ত্ৰৰ বিৰুদ্ধে বিক্ষোভ সমাৱেশ চিৰাঙত । বৃহস্পতিবাৰে চিৰাং জিলাত সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নে কাজলগাওঁৰ পৰা সমদল উলিয়ায় চিৰাং জিলা সমগ্ৰ শিক্ষা অসম কাৰ্যালয়ৰ সন্মুখত বিক্ষোভ সমাৱেশ ৰূপায়ন কৰে । CITU জিন্দাবাদ, মধ্যাহ্ন ভোজন আঁচনি ব্যক্তিগত কৰণ নচলিব, এনজিও গ’ বেগ, আমাৰ দাবী মানিবই লাগিব, অসম চৰকাৰ হায় হায়, অসম চৰকাৰ কাম নাই আদি শ্ল’গানেৰে চিৰাং জিলা সমগ্ৰ শিক্ষা অসম কাৰ্যালয়ৰ সন্মুখত এক উত্তাল পৰিবেশৰ সৃষ্টি কৰে মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নে । মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ চিৰাং জিলা সভানেত্ৰী গৰাকীয়ে কয় যে, চৰকাৰে আমাক বিভিন্ন দিশত বঞ্চিত কৰি আহিছে ৷ আমাৰ দাবী সমূহ চৰকাৰে গ্ৰহণ নকৰিলে আমি অনাগত দিনত ইয়াতকৈ ভয়াবহ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ বাবে সাজু আছো বুলি উল্লেখ কৰে ।
ৰাজ্যৰ বিভিন্ন প্ৰান্তত মধ্যাহ্ন ভোজন কৰ্মচাৰী সন্থাৰ প্ৰতিবাদ
মধ্যাহ্ন ভোজন আঁচনি ব্যক্তিগত কৰণ কৰিব বিচৰা চৰকাৰী ষড়যন্ত্ৰৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ ৷
ৰাজ্যৰ বিভিন্ন প্ৰান্তত মধ্যাহ্ন ভোজন কৰ্মচাৰী সন্থাৰ প্ৰতিবাদ
লগতে পঢ়কঃ হঠাৎ গুৰুতৰভাৱে অসুস্থ প্ৰফুল্ল কুমাৰ মহন্ত