চিৰাং,১৫ নৱেম্বৰ:পশ্চিমবঙ্গ, বিহাৰ আৰু অসমৰ অবিভক্ত গোৱালপাৰা জিলাক সাঙুৰি পৃথক গ্ৰেটাৰ কোচবিহাৰ ৰাজ্য গঠনৰ দাবীত চিৰাং জিলাৰ বাসুগাঁৱত গ্ৰেটাৰ কোচবিহাৰ পিপুলছ এচোচিয়েশ্যন(Greater Behar People Association)ৰ উদ্যোগত বিশাল গণসমাৱেশ । এই গণ সমাৱেশত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে গ্ৰেটাৰ কোচবিহাৰ পিপলচ এচোচিয়েশ্যনৰ নেতা অনন্ত ৰায় মহাৰাজে ।
গণ সমাৱেশত অংশগ্ৰহণ কৰি অনন্ত ৰায় মহাৰাজে ঐতিহাসিক গ্ৰেটাৰ কোচবিহাৰ পৃথক ৰাজ্য সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত আগবঢ়াই কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য । ঐতিহাসিক গ্ৰেটাৰ কোচবিহাৰ ৰাজ্যৰ এই মূহুৰ্তত যিহেতু পশ্চিমবংগৰ বাদেও অসম আৰু বিহাৰত সোমাই আছে সেয়ে কেন্দ্ৰীয় চৰকাৰে সেই অংশীদাৰী ৰাজ্য সমূহৰ সৈতে আলোচনা কৰি এটা চুড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব বুলি প্ৰকাশ কৰে ।
সম্প্ৰতি অসমত গ্ৰেটাৰ কোচবিহাৰ পিপুলছ এচোচিয়েশ্যনৰ তৎপৰতা বৃদ্ধি আৰু কোচ-ৰাজবংশী জনগোষ্ঠীয় লোক সকলক জনজাতিকৰণ আৰু পৃথক কমতাপুৰ ৰাজ্য গঠনৰ বাবে আন্দোলন কৰি অহা কোচ-ৰাজবংশী জাতীয় দল সংগঠনৰ সমৰ্থন আছে নে নাই ? এই সন্দৰ্ভত কৰা প্ৰশ্নৰ উত্তৰত তেঁও কয় যে সকলো দল সংগঠনে নিজৰ নিজৰ আদৰ্শ আৰু চিন্তাধাৰাৰে আগবাঢ়ি গৈ আছে ।
গ্ৰেটাৰ কোচবিহাৰ পিপুলছ এচোচিয়েশ্যনৰ যি দাবী সেয়া হৈছে ভাৰতৰ সংবিধানৰ সমস্যা ওপৰত । এই অঞ্চলটো যিহেতু এটি অতি স্পৰ্শকাতৰ এটা অঞ্চল সেয়ে এই অঞ্চলটোক এটা সম্পূর্ণ সুৰক্ষা ব্যবস্থা দিবলৈ চৰকাৰে কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে স্বীকৃতি দিবই লাগিব বুলি অনন্ত ৰায় মহাৰাজে দাবী কৰে । লগতে তেঁও পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী সন্দৰ্ভতো কিছু মন্তব্য আগবঢ়াই সংবাদ মাধ্যমৰ সন্মুখত ।