অসম

assam

বি টি আৰ চুক্তিয়ে অজনজাতীয় সকলৰ অধিকাৰ খৰ্ব কৰিছেঃ আক্ৰাছু

By

Published : Feb 3, 2020, 5:00 PM IST

সোমবাৰে চিৰাঙৰ বিজনীত আক্ৰাছুৰ সংবাদমেল ৷ বিজনী মহকুমা আক্ৰাছুৰ তৰফৰ পৰা কোচ ৰাজবংশী লোকসকলক অহা ৭ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব লগা বিজয় উৎসৱ বৰ্জনৰ আহ্বান ৷ অন্যথা  বিহিত ব্যৱস্থা গ্ৰহণৰ ভাবুকি সংগঠনটোৰ ৷

Chirang AKRSU press meet on PM visit
চিৰাঙৰ বিজনীত আক্ৰাছুৰ সংবাদমেল

চিৰাং, 3 ফেব্ৰুৱাৰীঃ চিৰাং জিলাৰ বিজনীত আক্ৰাছুৰ সংবাদমেল । বিজনী মহকুমা আক্ৰাছুৰ সংবাদ মেলত মহকুমা আক্ৰাছুৰ সভাপতি মনোজ কুমাৰ ৰায়ে কয় যে "যোৱা ২৭ জানুৱাৰীত বিটিচিৰ বড়োসকলক বাদ দি অইন সকলো জাতি জনগোষ্ঠীৰ লোকক অন্ধকাৰত ৰাখি একপক্ষীয়ভাৱে চৰকাৰে বড়োসকলৰ সৈতে শান্তি চুক্তিৰ নামত বিটিআৰ গঠন কৰিলে । এনডিএফবিৰ চাৰিওটা গোট আৰু এবছুৰ সৈতে শান্তি চুক্তিৰ নামত ভূমিপুত্ৰ কোচ ৰাজবংশীকে আদি কৰি অন্যান্য জাতি জনগোষ্ঠীৰ মৌলিক অধিকাৰ খৰ্ব কৰিছে । নিজৰে পিতৃভূমিত আজি আমি আনৰ অধিকাৰৰ নামত শোষিত আৰু শাসিত হ'ব লাগিব ।"

চিৰাঙৰ বিজনীত আক্ৰাছুৰ সংবাদমেল

আন জনগোষ্ঠীক অধিকাৰ প্ৰদানৰ নামত শাসনৰ ক্ষমতা দিয়া আৰু ইয়াৰ নামত আকৌ বিজয় উৎসৱ অনুষ্ঠিত কৰাৰ বিৰোধিতা কৰিছো বুলিও কয় বিজনী মহকুমা আক্ৰাছুৰ সভাপতিগৰাকীয়ে । "আমি কোচ ৰাজবংশীসকলে বিটিআৰৰ বিজয় উৎসৱ বৰ্জন কৰিছো" বুলি কোৱাৰ লগতে বিজনী মহকুমা আক্ৰাছুৰ তৰফৰ পৰা সকলো কোচ ৰাজবংশী লোকক প্ৰধানমন্ত্ৰীৰ উপস্থিতিত অনুষ্ঠিত কৰা উক্ত বিজয় উৎসৱ বৰ্জনৰ আহ্বান জনায় । কোনো কোচ ৰাজবংশী লোকে যাতে উক্ত বিজয় উৎসৱত অংশগ্ৰহণ নকৰে তাৰ বাবে সকিয়াই দি কয় যে, "যিসকল লোকে উক্ত অনুষ্ঠানত যোৱা বুলি প্ৰমাণিত হ'ব তেওঁলোকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব ।"

লগতে পঢ়কঃযেতিয়া আপুনি এৱাৰ্ড লাভ কৰে, তেতিয়া সকলো ভাল লাগেঃ বিদ্যা বালান

ABOUT THE AUTHOR

...view details