চিৰাং, 11চেপ্তেম্বৰঃ অসম চৰকাৰে অসমৰ কোচ ৰাজবংশী সকলৰ বাবে কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদ গঠনৰ বাবে কেবিনেট অনুমোদন দিয়াৰ পিচতে জনগোষ্ঠীটোৰ বিভিন্ন জাতীয় সংগঠনৰ মাজত সৃষ্টি হৈছে হুলুস্থুলীয়া পৰিৱেশৰ। বিশেষকৈ আক্ৰাছুৰ অৰুণ ৰায় গোটৰ মাজত ভাঙোনৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে সাংগঠনিক সংবিধান বিৰোধী কাৰ্যকলাপত কেন্দ্ৰীয় নেতৃত্ব জড়িত হৈ পৰাৰ অভিযোগত । আক্ৰাছুৰ উদ্দেশ্য কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদ নহয় বৰঞ্চ জনগোষ্ঠীটোৰ জনজাতিকৰণ আৰু কমতাপুৰ ৰাজ্যৰ পুনৰুদ্ধাৰ কৰাৰ বাবেহে জন্ম হৈছিল আক্ৰাছুৰ এই দৰে আজি চিৰাঙত আক্ৰাছুৰ মুখ্য উপদেষ্টা হিতেশ্বৰ বৰ্মনে প্ৰকাশ কৰে । আক্ৰাছুৰ অৰুণ ৰায় গোটৰ চিৰাং জিলা সভাপতি মণিৰাম ৰায়ে পাঁচখনকৈ আঞ্চলিক সমিতি লৈ আহি আজি আনুষ্ঠানিকভাৱে কৰ্মেশ্বৰ ৰায় নেতৃত্বাধীন আক্ৰাছুত যোগদান কৰে । আক্ৰাছুৰ মুখ্য উপদেষ্টা জনে আক্ৰাছুৰ অন্য গোটৰ পৰা অহা সকলক আদৰণি জনাই কয় যে আমি কেএচিক আদৰণি জনাইছো কিন্ত এয়া আক্ৰাছুৰ কাম্য নাছিল। আক্ৰাছুৰ কিছু লোকে কে এ চি লৈ অধিক উৎফুল্লিত হৈছে যত আনন্দিত হোৱাৰ একো নাই । গতিকে আমি কেএচি লৈ আনন্দিত নহয় আৰু আমাৰ আন্দোলন স্তিমিত নহয়। আমাৰ আন্দোলন চলি থাকিব জনজাতিকৰণ আৰু কমতাপুৰ ৰাজ্যৰ পুনৰ উদ্ধাৰৰ বাবে । মই কোনো ৰাজনৈতিক চিন্তা কৰা নাই বুলি হিতেশ্বৰ বৰ্মনে স্পষ্ট কৰি কয় যে আছুৰ ৰাজনৈতিক দল গঠনত আমাক মাতিছিল যদিও আমি যোৱা নাই । শক্তিশালী ৰাজনৈতিক দল কৰক আমি বাহিৰৰ পৰা সমৰ্থন জনাম। আমাৰ কথা হৈছে অহা ২০২১ৰ পূৰ্বেই জাতিটোক জনজাতি কৰণৰ বাবে আমি গুৰুত্ব প্ৰদান কৰিছো বুলি ।
জনজাতি কৰণ আৰু পৃথক কমতাপুৰ হে আক্ৰাছুৰ উদ্দেশ্যঃ হিতেশ্বৰ বৰ্মন - চিৰাঙৰ সুন্দৰি এম ই স্কুল
চিৰাঙত আক্ৰাছুৰ অৰুণ ৰায় গোটৰ জিলা সভাপতি সহ পাঁচ খনকৈ আঞ্চলিক সমিতি কৰ্মেশ্বৰ ৰায় গোটত যোগদান । আক্ৰাছুৰ মুখ্য উপদেষ্টা জনে আক্ৰাছুৰ অন্য গোটৰ পৰা অহা সকলক আদৰণি জনাই কয় যে আমি কেএচিক আদৰণি জনাইছো কিন্ত এয়া আক্ৰাছুৰ কাম্য নাছিল।
শুকুৰবাৰে চিৰাঙৰ সুন্দৰি এম ই স্কুলত আয়োজিত এক সভাত আক্ৰাছুৰ মুখ্য উপদেষ্টা হিতেশ্বৰ বৰ্মন,আক্ৰাছুৰ উপ সভাপতি পুৰেন ৰায়,সাধাৰণ সম্পাদক জীৱেশ ৰায়ৰ লগতে অন্যান্য কেন্দ্ৰীয় নেতৃত্বৰ উপস্থিতিত আজি আক্ৰাছুৰ অৰুণ ৰায় গোটৰ চিৰাং জিলা সভাপতি মণিৰাম ৰায়সহ পাচখনকৈ আঞ্চলিক সমিতিয়ে আনুষ্ঠানিকভাৱে আহি কৰ্মেশ্বৰ ৰায় নেতৃত্বাধীন আক্ৰাছুৰ চিৰাং জিলা সভাপতি প্ৰাঞ্জল চৌধুৰীৰ সৈতে যোগদান কৰে । এই সন্দৰ্ভত আক্ৰাছুৰ সাধাৰণ সম্পাদক জীৱেশ ৰায়ে কয় যে আজি আক্ৰাছুত একাংশ লোকে ক্ষমতাৰ বাবে আক্ৰাছুৰ গোট গঠন কৰিছিল যদিও ৰাইজে তেওঁ লোকৰ প্ৰকৃত স্বৰূপ বুজি পাইছে ।
লগতে চাওকঃ পঞ্চায়ত সভাপতিৰ বিৰুদ্ধে মৰাণত ধন আত্মসাৎ কৰাৰ অভিযোগ