ৰাজ্যসভালৈ কোচ ৰাজবংশী লোকক নিৰ্বাচিত কৰাৰ আহ্বান আক্ৰাছুৰ - কোচ ৰাজবংশী ছাত্ৰ সন্থা
খালী হোৱা ৰাজ্যসভাৰ আসনত কোচ ৰাজবংশী লোকক নিৰ্বাচিত কৰাৰ আহ্বান আক্ৰাছুৰ। চিৰাঙত আক্ৰাছুৰ সাধাৰণ সম্পাদক গকুল বৰ্মনৰ প্ৰতিক্ৰিয়া ।
চিৰাং,6আগষ্টঃ ৰাজ্যসভাৰ দুখনকৈ আসন খালী হোৱাৰ পাচত সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা চমুকৈ আক্ৰাছুৱে এই আসনত কোচ ৰাজবংশী জনগোষ্ঠীৰ উপযুক্ত লোকক নিৰ্বাচিত কৰি ৰাজ্যসভাৰ সাংসদ হিচাপে পঠাবলৈ আহ্বান জনাইছে ৷ মঙলবাৰে চিৰাঙৰ সদৰ কাজলগাঁৱত আক্ৰাছুৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক গকুল বৰ্মনে প্ৰকাশ কৰা মতে বিগত বিধান সভা,লোকসভা নিৰ্বাচনত শাসকীয় বিজেপি দলে কোচৰাজবংশী লোকক প্ৰতিনিধি কৰাৰ বাবে নিৰ্বাচিত কৰা নাই ৷ ইপিনে কোচ ৰাজবংশী জনগোষ্ঠীৰ জাতীয় সমস্যাসমূহ সমাধানৰ বাবে এজন কোচৰাজবংশীৰ প্ৰতিনিধি প্ৰয়োজন বুলি মন্তব্য প্ৰকাশ কৰে সম্পাদক গকুল বৰ্মনে ৷