জনজাতিকৰণ আৰু কমতাপুৰৰ দাবীঃ আক্ৰাছুৰ প্ৰতিবাদ
জনজাতিকৰণ আৰু কমতাপুৰৰ দাবীত চিৰাঙত সোমবাৰে আক্ৰাছুৱে তিনি ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে ৷
চিৰাং, 21 ছেপ্তেম্বৰঃ ৰাতিপুৱা ১১ বজাৰ পৰা সমগ্ৰ ৰাজ্যৰ লগতে চিৰাঙতো আক্ৰাছুৱে তিনি ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি জনজাতিকৰণ আৰু কমতাপুৰৰ দাবী জনায় । অহা ২০২১ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বেই কোচ ৰাজবংশীসকলক জনজাতিকৰণ নকৰিলে আক্ৰাছুৱে বিধানসভা নিৰ্বাচনত বিজেপি দলক উচিত প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ দিয়ে চিৰাং জিলা আক্ৰাছুৰ সভাপতি প্ৰাঞ্জল চৌধুৰীয়ে । প্ৰতিবাদৰ অন্তত জিলা উপায়ুক্তৰ জড়িয়তে প্ৰধান মন্ত্ৰীলৈ চাৰি দফীয়া দাবী সম্বলিত স্মাৰক প্ৰদান কৰে ।
লগতে চাওকঃ ডুমডুমাত CAA আৰু EIA বাতিলৰ দাবীৰে AJYCPৰ প্ৰতিবাদ