চিৰাং, 28 আগষ্ট : কোচবিহাৰৰ শেষ ৰজা জগদ্বিপেন্দ্ৰ নাৰায়নে 1949 চনৰ 28আগষ্ট তাৰিখে ভাৰত চৰকাৰৰ সৈতে "গ" ৰাজ্যৰ মৰ্য্যদাৰে মাৰ্জাৰ চুক্তি স্বাক্ষৰ কৰিছিল । কিন্ত আজি ইমান বছৰেও কমতাপুৰ ৰাজ্য গঠন নহ'ল । নাপালে "গ" ৰাজ্যৰ মৰ্য্যদা ।
সেয়ে আজি প্ৰতাৰণা দিৱস হিচাবে ক'লা পতাকা উত্তোলন কৰে কোচ-ৰাজবংশী ছাত্ৰ সন্থাই । কোচ-ৰাজবংশীসকলে জনজাতিকৰণৰ বাবে দীৰ্ঘদিনৰ পৰাই আন্দোলন কৰিও জনজাতিকৰণ নাপালে । শেহতীয়াকৈ চৰকাৰে ঘোষনা কৰা কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদ গঠন কৰি দিব বিচাৰিও দিয়া নাই । সেয়ে আজিৰ এই ঐতিহাসিক দিনটোত কমতাপুৰ ৰাজ্য গঠনৰ দাবীত আক্ৰাছুয়ে সমগ্ৰ ৰাজ্যতেই ক'লা দিৱস উদযাপন কৰিছে ৷