সুন্দৰী, 8 ফেব্ৰুৱাৰীঃশনিবাৰে আদিবাসী সকলৰ জনজাতিকৰন আৰু যুদ্ধবিৰতিত থকা বিদ্ৰোহী সংগঠনৰ সৈতে শান্তি চুক্তিৰ দাবীত চিৰাঙৰ সুন্দৰীত, আদিবাসী জাতীয় মহাসভাৰ গণ সমাৱেশ কাৰ্যসূচী অনুষ্ঠিত কৰা হয় ৷ শেষতীয়াকৈ বিটিআৰ চুক্তি স্বাক্ষৰিত হোৱাৰ পিচতে আদিবাসী জাতীয় মহাসভাৰ আহ্বানত, অসমৰ প্ৰতিখন জিলাতে সকলো আদিবাসী দল সংগঠন একত্ৰিত হৈ, তেওঁলোকৰ জাতীয় সমস্যা, জনজাতিকৰণ নোহোৱা পৰ্যন্ত আন্দোলনৰ পোষকতা কৰাৰ লগতে পাঁচটাকৈ যুদ্ধ বিৰতিত থকা আদিবাসী সশস্ত্ৰ সংগঠনৰ সৈতে, তেওঁলোকৰ সমস্যা সমাধান কৰিবলৈ শান্তি চুক্তিৰ দাবীৰে এই কাৰ্যসূচী গ্ৰহণ কৰি আহিছে ৷
চিৰাঙৰ সুন্দৰীত আদিবাসী জাতীয় মহাসভাৰ গণ সমাৱেশ কাৰ্যসূচী - বিটিআৰ চুক্তি
চিৰাঙৰ সুন্দৰীত শনিবাৰে আদিবাসী সকলৰ জনজাতিকৰন আৰু যুদ্ধবিৰতিত থকা বিদ্ৰোহী সংগঠনৰ সৈতে শান্তি চুক্তিৰ দাবীত আদিবাসী জাতীয় মহাসভাই গণ সমাৱেশ কাৰ্যসূচী অনুষ্ঠিত কৰে ৷
গণ সমাৱেশ কাৰ্যসূচী
উল্লেখ্য যে, অহা ২৫ ফেব্ৰুৱাৰীত আদিবাসী জাতীয় মহাসভাই কোকৰাঝাৰ জিলাৰ কাৰীগাঁৱত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰ্যসুচী ৰূপায়ন কৰিব বুলি জনায় ৷
লগতে পঢ়ক ঃ ভোট বৰ্জনৰ সিদ্ধান্ত : আমগুৰিত মহিলাই শ্ৰমদানেৰে নিৰ্মাণ কৰিলে পথ