অসম

assam

ETV Bharat / state

আদিবাসী কোব্ৰা মিলিটাৰী অব আছামৰ প্ৰতিষ্ঠা দিৱস পালন - etv_bharat

অতিশীঘ্ৰেই আদিবাসী সকলক জনজাতি ঘোষণা কৰাৰ লগতে আদিবাসী কোব্ৰা মিলিটাৰী অব আছামৰ সদস্যসকলক পুনৰসংস্থাপনৰ দাবী ৷ ডেজিগনেটেড শিৱিৰত সংগঠনটোৰ উদযাপন কৰা হয় 23 সংখ্যক প্ৰতিষ্ঠা দিৱস ৷

আদিবাসী কোব্ৰা মিলিটাৰী অব আছামৰ প্ৰতিষ্ঠা দিৱস পালন

By

Published : Jul 7, 2019, 7:00 PM IST

চিৰাং,জুলাই 7 : চিৰাঙত আদীবাসী কোব্ৰা মিলিটাৰী অৱ আছামৰ প্ৰতিষ্ঠা দিৱস উদযাপন ৷ ভাৰত-ভূটান সীমান্তৰ শান্তিপুৰৰ দেউশ্ৰি টিবিতোলা স্থিত সংগঠনটোৰ ডেজিগনেটেড শিৱিৰত উদযাপন কৰা হয় 23 সংখ্যক প্ৰতিষ্ঠা দিৱস ৷ 1996 চনৰ 7 জুলাইত প্ৰতিষ্ঠা হৈছিল "আদিবাসী কোব্ৰা মিলিটাৰী অব আছাম" নামৰ আদিবাসী উগ্ৰপন্থী সংগঠনটো ৷ পৰৱৰ্তী সময়ত 2012 চনৰ 24 জানুৱাৰীত গুৱাহাটীৰ সৰুসজাইত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ সৈতে আলোচনাৰ সিদ্ধান্ত লৈ অস্ত্ৰ সম্বৰণ কৰি সংগঠনটোৱে যুদ্ধ বিৰতি চুক্তিত স্বাক্ষৰ কৰে৷ দেওবাৰে অনুষ্ঠিত প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত অংশ গ্ৰহণ কৰে সংগঠনটোৰ 56 নং বেটেলিয়নৰ কমাণ্ডেন্ট অৰ্জুন টুডুৰ লগতে কেইবাজনো নেতা-কৰ্মীয়ে ৷

আদিবাসী কোব্ৰা মিলিটাৰী অব আছামৰ প্ৰতিষ্ঠা দিৱস পালন

যুদ্ধ বিৰতিত থকা সংগঠনটোৰ মুৰব্বী জেব্ৰিয়াছ খাখাই অভিযোগ তুলি কয় যে, যুদ্ধ বিৰতিত থকা আলফা আৰু এন ডি এফ বিৰ ডেজিগনেটেড কেম্পৰ সদস্য সকলে লাভ কৰাৰ দৰে সুবিধা লাভ কৰা নাই আদিবাসী কোব্ৰা মিলিটাৰীৰ সদস্যসকলে ৷ প্ৰতিষ্ঠা দিৱসত সংগঠনটোৰ নেতা সকলে অতিশীঘ্ৰেই আদিবাসী সকলক জনজাতি ঘোষণা কৰাৰ লগতে সংগঠনটোৰ সদস্যসকলক পুনৰসংস্থাপনৰ দাবী জনায় ।

ABOUT THE AUTHOR

...view details