চিৰাং , 2 নৱেম্বৰঃ চিৰাঙৰ পতঞ্জলি বিদ্যালয়ৰ আচাৰ্য কুলামত সংঘটিত হ'ল এক চাঞ্চল্যকৰ ঘটনা ৷ ষট পুজাৰ দিনা বিদ্যালয়ৰ অধ্যক্ষৰ অজ্ঞাতে মাতি নি গা ধুবলৈ দিয়াৰ পাছতে নিহত হ'ল এজন ছাত্ৰ ৷
ঘটনাৰ বিৱৰণী মতে, শনিবাৰে ষট পূজা উপলক্ষে বিদ্যালয় বন্ধ আছিল যদিও পতঞ্জলিৰ দুজনকৈ স্বামী আৰু কৰ্তৃপক্ষই সপ্তম শ্ৰেণীৰ ১৫/২০ জন ছাত্ৰক আই নদীৰ পাৰলৈ মাতি পঠিয়াই ৷ ৰাতিপুৱাৰ ভাগত ধাৰ্মিক ৰীতি নীতি সম্পূৰ্ণ কৰাৰ পাছতে ছাত্ৰ সকলক নদীত গা ধুবলৈ নিৰ্দেশ দিয়া হয় ৷ ইয়াৰ মাজতে প্ৰকৃতিশ দে নামৰ ছাত্ৰ জন আই নদীৰ সোঁতত উটি যায় যদিও আধা ঘন্টাৰ পিচতহে তেওঁলোকে এই বিষয়ে অৱগত হয় ।
অভিযোগ অনুসৰি প্ৰকৃতিশ দে নামৰ ছাত্ৰজনে গা ধুই উঠি আহিব পৰা নাছিল আৰু কিছু পৰৰ পাছত প্ৰায় 5 কিলোমিটাৰ দূৰত উদ্ধাৰ হয় ছাত্ৰজনৰ মৃতদেহ । পতঞ্জলি কর্তৃপক্ষই ছাত্ৰজনক বঙাইগাঁৱৰ এখন নাৰ্ছিং হোমলৈ লৈ যায় যদিও ৰহস্যজনক ভাবে নাৰ্ছিং হোমলৈ অহা নাছিল দুয়োজন স্বামীজী । পিছত বাঙালী ফেডাৰেছন আৰু স্থানীয় ৰাইজৰ প্ৰচেষ্টাত পতঞ্জলি আশ্ৰমত আত্মগোপন কৰি থকা দুয়োজন স্বামীজীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ বৰ্তমান পতঞ্জলিৰ কাৰ্যালয়ত আৰক্ষী-অৰ্ধ সামৰিক বাহিনীয়ে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে ।
এই খিনিতে প্ৰশ্ন হয় বহুজাতিক কোম্পানী পতঞ্জলিৰ চিৰাঙৰ কাৰ্য্যালয়ত থকা আচাৰ্য্যকুলামত বিদ্যালয়ৰ অধ্যক্ষৰ অজ্ঞাতে স্বামিজীয়ে ষট পুজাৰ বাবে ছাত্ৰক মাতি নি কেনেকৈ নদীত গা ধোৱাৰ নিৰ্দেশ দিব পাৰিলে ? জিলাখনৰ আমগুৰি থানাৰ অন্তৰ্গত পলাংশু গুৰি গাঁওৰ বাসীন্দা উৎপল দেৱৰ একমাত্ৰ সন্তান আচাৰ্য্যকুলামৰ ষষ্ট শ্ৰেণীৰ ছাত্ৰ প্ৰকিতিশ দে নিহত হোৱাৰ পিছত ইয়াৰ দায়িত্ব কোনে লব ? ইতিমধ্যে পৰিয়াল তথা বঙালি যুৱ ছাত্ৰ ফেডেৰেচনে মৃতদেহ চমজি নোলোৱাৰ হুংকাৰ দিয়াৰ লগতে পতঞ্জলিৰ স্বত্বাধিকাৰী স্বামী ৰাম দেৱ নিজে আহি পতঞ্জলি আৰু আচাৰ্য্যকুলাম কিদৰে চলি আছে প্ৰত্যক্ষ কৰাৰ দাবী জনাইছে ৷
চিৰাঙৰ পতঞ্জলিৰ বিদ্যালয়ত অঘটনঃষঠ পূজাৰ দিনা মৃত্যু হ'ল সপ্তম শ্ৰেণীৰ ছাত্ৰৰ লগতে পঢ়কঃ কলিয়াবৰত তীব্ৰবেগী বাহনে মহতিয়ালে বাইক আৰোহীক