অসম

assam

ETV Bharat / state

মন্ত্ৰী চন্দন ব্ৰহ্মৰ গাড়ীৰ শ্ব'ৰুমত অঘটন ! - maruti-showroom

চিৰাঙস্থিত মন্ত্ৰী চন্দন ব্ৰহ্মৰ মাৰুতি ছুজুকি নেকছাৰ চাৰিচকীয়া বাহনৰ শ্ব'ৰুমত অঘটন । কথমপি ৰক্ষা পৰে মন্ত্ৰীজনৰ আৱাসগৃহ ।

মন্ত্ৰী চন্দন ব্ৰহ্মৰ গাড়ীৰ শ্ব'ৰুমত অঘটন !

By

Published : Jun 21, 2019, 2:06 PM IST

চিৰাং,২১ জুনঃ ছাপাগুৰিত ৩১নং চি ৰাষ্ট্ৰীয় ঘাই পথৰ লগতে থকা মন্ত্ৰী চন্দন ব্ৰহ্মৰ শ্ব'-ৰুমত অঘটন । মন্ত্ৰীৰ আৱাসিক এলেকাত সংঘটিত হয় অঘটনটো । কথমপি ৰক্ষা পৰে মন্ত্ৰী জনৰ আৱাসগৃহ । পুৱতি নিশা ট্ৰেলাৰ এখনে প্ৰচণ্ড জোৰেৰে খুন্দিয়াই চাৰি সীমাৰ বেৰ ভাঙি ধ্বংস কৰে শ্ব'ৰুমৰ ভিতৰত থকা গাড়ী এখন ।

মন্ত্ৰী চন্দন ব্ৰহ্মৰ গাড়ীৰ শ্ব'ৰুমত অঘটন !

শুকুৰবাৰে পুৱতি নিশা ৩.১৫ মান বজাত হাৰিয়ানাৰ এখন তীব্ৰবেগী ১০ চকীয়া ট্ৰেইলাৰ ট্ৰাকে নিয়ন্ত্ৰণ হেৰুৱাই প্ৰচণ্ড জোৰেৰে মাৰুতি ছুজুকি নেকছা চাৰিচকীয়া বাহনৰ শ্ব'-ৰুমৰ দেৱালত খুন্দিয়াই । ঘটনা সন্দৰ্ভত কোনো লোক আহত হোৱা নাই যদিও শ্ব'-ৰুমৰ ডেমো কাৰখনৰ ওপৰত ট্ৰেইলাৰ ট্ৰাকখন উঠি যোৱাৰ ফলত বাহনখন ধ্বংস হয় । জানিব পৰা মতে, গাড়ীখন ইমানেই দ্ৰুতগতিত আহিছিল যে ছিক্সলেন ৰাষ্ট্ৰীয় পথচোৱাৰ তিনিটা পথ আৰু চাৰিটা ডিভাইডাৰ অতিক্ৰম কৰি গৈ শ্ব'ৰুমটোত খুন্দা মাৰে ।

ABOUT THE AUTHOR

...view details