চিৰাঙ,8জুলাইঃৰাজ্যৰ চৌদিশে বানৰ তাণ্ডৱ। কৰ'ণাৰ ভয়াৱহতাৰ মাজতে ৰাজ্যৰ কেইবাখনো জিলা বানৰ কৱলত পৰিছে । বানপানীত কবকবাই থকা লোকসকলে ওখ ঠাইত আশ্ৰয় শিবিৰ পাতি থাকিবলগীয়া হৈছে ।
চিৰাঙত এবছুৰ বান সাৰ্হায্য বিতৰণ - বিজনী এবছুৰ সাহায্য প্ৰদা
চিৰাঙত আইনদীৰ বানপানীৰ তাণ্ডৱ। বিগত ২১ দিনে চৰকাৰী সাহাৰ্যৰ পৰা বঞ্চিত বন্যাৰ্তক বিজনী এবছুৰ সাৰ্হায্য প্ৰদান ।
ইপিনে বিগত ২১ দিনৰ পৰা চিৰাং জিলাৰ বিজনী মহকুমাৰ অন্তৰ্গত নদীয়াপাৰা প্ৰাথমিক বিদ্যালয়ত বানাক্ৰান্ত লোক সকলেই আশ্ৰয় শিবিৰ পাতি আছে যদিও পৰ্যাপ্ত পৰিমাণৰ খাদ্যৰ অভাৱত ভুগিছে । বুধবাৰে আশ্ৰয় শিবিৰটোত থকা ৪২ টা পৰিয়ালৰ কাষত উপস্থিত হয় বিজনী আঞ্চলিক এবছুৰ এটি সজাতি দল । নিত্য প্ৰয়োজনীয় খাদ্য সামগ্ৰীৰ লগতে কিছু পৰিমাণ নগদ টকা আগবঢ়াই বানাক্ৰান্ত পৰিয়ালৰ মাজত ৷
চিৰাং জিলাৰ বিজনী আঞ্চলিক এবছুৰ সাধাৰণ সম্পাদক ৰমেন বসমুতাৰীয়ে, চৰকাৰে শিবিৰত থকা লোক সকলৰ কাৰণে চৰকাৰে যিমান পৰিমাণৰ খাদ্য যোগান ধৰিব লাগিছিল ধৰা নাই বুলি অভিযোগ উত্থাপিত কৰে ৷ লগতে অতি সোনকালে বানপানীত ক্ষতিগ্ৰস্ত হোৱা লোক সকলৰ ক্ষতিপূৰণ দিবলৈ চৰকাৰক দাবী জনায় ।