অসম

assam

ETV Bharat / state

চিৰাঙত লাফিকুল ইছলাম হত্যাৰ ন্যায়ৰ দাবীত এবিএমছুৰ প্ৰতিবাদ - হাতে হাতে প্লে কাৰ্ড লৈ ঈদৰ সময়ত

কোকৰাঝাৰ জিলাৰ তিতাগুৰিত এবিএমছুৰ প্ৰয়াত সভাপতি লাফিকুল ইছলামক তিনি বছৰৰ আগতে অচিনাকি দুৰ্বৃত্তই হত্যা কৰি কৰিছিল। আজিকোপতি ন্যায় নাপালে লাফিকুল ইছলামৰ পৰিয়ালে ৷ ঈদৰ দিনাখন চিৰাং জিলাৰ বিভিন্ন প্ৰান্তত এবিএমছুৰ প্ৰতিবাদ ৷

chirang-abmsu-protest-for-lafiqul-murder
চিৰাঙত লাফিকুল ইছলাম হত্যাৰ ন্যায়ৰ দাবীত এবিএমছুৰ প্ৰতিবাদ

By

Published : Aug 1, 2020, 9:32 PM IST

চিৰাং,1আগষ্টঃ2017 চনৰ 1 আগষ্টতে কোকৰাঝাৰ জিলাৰ তিতাগুৰীত দিন দুপৰতে এবিএমছুৰ প্ৰয়াত সভাপতি লাফিকুল ইছলামক গুলিয়াই হত্যা কৰিছিল অচিনাকি দুৰ্বৃত্তই । চৰকাৰে হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিব পৰা নাই তদন্তৰ নামত তদন্ত অব্যাহত আছে আজিলৈকে প্ৰতিবেদন দাখিল কৰিব পৰা নাই বুলি অভিযোগ এবিএমছুৰ । শনিবাৰে ঈদৰ দিনাখন চিৰাং জিলাৰ পানবাৰী,বিজনী,বাঘমাৰা,ভাংনামাৰী আদি বিভিন্ন ঠাইত এবিএমছুৰ সদস্যসকলে ঐক্যবদ্ধভাৱে লাফিকুল ইছলাম হত্যাৰ ন্যায়ৰ দাবীত ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে।

চিৰাঙত লাফিকুল ইছলাম হত্যাৰ ন্যায়ৰ দাবীত এবিএমছুৰ প্ৰতিবাদ

উল্লেখযোগ্য যে যোৱা ২০১৭ চনৰ ১ আগষ্টত,প্ৰধানমন্ত্ৰী অসম ভ্ৰমণৰ সময়ত কোকৰাঝাৰ জিলাৰ তিতাগুৰিত এবিএমছুৰ প্ৰয়াত সভাপতি লাফিকুল ইছলামক অচিনাকি দুৰ্বৃত্তই হত্যা কৰি কৰিছিল। দীৰ্ঘদিন ধৰি এবিএমছুয়ে বিটিচি অঞ্চলত,গুৱাহাটী আনকি দিল্লীলৈ আন্দোলন গঢ়ি তুলিছিল,কিন্তু তাৰ পিছতো আজিলৈকে ন্যায় নাপালে লাফিকুল ইছলামৰ পৰিয়ালে । হাতে হাতে প্লে কাৰ্ড লৈ ঈদৰ সময়ত আৱেগিক ভাৱে ওলাই আহে সংগঠনটোৱে । ছাত্ৰ সংগঠনটোৱে অসম চৰকাৰ তথা বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীক তীব্ৰ ভাষাৰে সমালোচনা কৰি কয় যে হত্যাকাণ্ডৰ সংঘটিত হোৱাৰ লগে লগে হাগ্ৰামা মহিলাৰীয়ে কৈছিল হত্যাকাৰীক গ্ৰেপ্তাৰ কৰি শাস্থি দিয়া হ’ব। কিন্তু আজিলৈকে সেয়া নহ’ল। সেয়ে আজি আমি ক'বলৈ বাধ্য যে লাফিকুলক ৰাজনৈতিক ভাৱে হত্যা কৰিলে । ২৪ ঘণ্টাৰ ভিতৰত হত্যাকাণ্ডৰ ন্যায় প্ৰদান কৰা হ'ব বুলি সংবাদ মাধ্যমৰ যোগেদি বিভিন্ন নেতাই কৈছিল । কিন্তু ৩ বছৰ হ'ল হত্যাকাণ্ডৰ আজি তিনিবছৰ পিচতো কিয় হাগ্ৰামা মহিলাৰী নিমাত হৈ আছে,কিয় হত্যাকাৰীক ধৰিব লাগে বুলি অসম বিধানসভাত প্ৰশ্ন নকৰিলে বিধায়ক সকলে বুলি সমোলোচনা কৰে সংগঠনটোৱে ৷

চিৰাঙত লাফিকুল ইছলাম হত্যাৰ ন্যায়ৰ দাবীত এবিএমছুৰ প্ৰতিবাদ

আনহাতে,অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক উদ্দেশ্যি কয় যে,সৰ্বানন্দৰ গৃহবিভাগ অসমৰ ইতিহাসৰ ব্যৰ্থ গৃহ বিভাগে । কাৰণ এজন ছাত্ৰ নেতাক দিনৰ পোহৰত গুলিয়াই হত্যা কৰিলে । কিন্তু আজিলৈকে গৃহবিভাগে কিয় ধৰিব নোৱাৰিলে হত্যাকাৰীক । প্ৰতিবাদস্থলীত প্ৰতিবাদ সাব্যস্ত কৰি অসম চৰকাৰ হায় হায় , অসম চৰকাৰ মুৰ্দাবাদ,হাগ্ৰামা মুৰ্দাবাদ,অসম চৰকাৰ হুছিয়াৰ,এবিএমছু জিন্দাবাদ আদি পৰিৱেশ উত্তাল কৰি শ্ল'গান দিয়ে । ইপিনে আগন্তুক বিটিচি পৰিষদীয় নিৰ্বাচনত লাফিকুল হত্যাৰ বিষয়টোয়ে গুৰুত্ব লাভ কৰিব বুলিও কয় বিজনী জিলা এবিএমছুৰ সভাপতি মেহদি হাছান আৰু কাৰ্যকৰি সভাপতি মুত্তাকিন ৰহমানে । বিগত তিনিটা বছৰে চৰকাৰে লাফিকুল হত্যাকাৰীৰ গ্ৰেপ্তাৰৰ বিষয়টো লৈ ৰাজনীতি কৰিলে। হত্যাৰ নামত কেবাটাও তদন্ত কৰি তদন্তৰ প্ৰতিবেদন গাপ দি ৰাখিলে। গতিকে এতিয়া বিটিচিৰ পৰিষদীয় নিৰ্বাচনত ইয়াৰ ফল ভোগ কৰিব লাগিব বুলিও সকিয়াই দিয়ে ছাত্ৰ সংগঠনটোৱে ।

চিৰাঙত লাফিকুল ইছলাম হত্যাৰ ন্যায়ৰ দাবীত এবিএমছুৰ প্ৰতিবাদ
লগতে পঢ়কঃ এগৰাকী প্ৰচাৰবিমুখ নিপুন ভাস্কৰ্য শিল্পী

ABOUT THE AUTHOR

...view details