অসম

assam

ETV Bharat / state

গঠন হ’ল এবিএমছুৰ সমিতি - আমগুৰি আজাদ শাখা সমিতি

শনিবাৰে চিৰাঙৰ ভৱানীপুৰত এবিএমছুৰ চিৰাং জিলা সমিতিৰ উদ্যোগত আৰু আমগুৰি আজাদ শাখা সমিতি আৰু ভৱানীপুৰ নুৰুল আমজাদ শাখা সমিতিৰ সহযোগত এখনি নাগৰিক সভা অনুষ্ঠিত কৰা হয় ৷

গঠন হ’ল এবিএমছুৰ ৪১ জনীয়া সমিতি
গঠন হ’ল এবিএমছুৰ ৪১ জনীয়া সমিতি

By

Published : Feb 21, 2021, 11:28 AM IST

চিৰাং,21 ফেব্ৰুৱাৰীঃশনিবাৰে চিৰাঙৰ ভৱানীপুৰত সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ এবিএমছুৰ চিৰাং জিলা সমিতিৰ উদ্যোগত আৰু আমগুৰি আজাদ শাখা সমিতি আৰু ভৱানীপুৰ নুৰুল আমজাদ শাখা সমিতিৰ সহযোগত এখনি নাগৰিক সভা অনুষ্ঠিত কৰা হয় ৷ এই সভাত সংখ্যালঘুসকলৰ মূল সমস্যাসমূহৰ বিষয়ে আলোচনা কৰা হয় ৷ খালেক মোল্লাক সভাপতি আৰু নুৰুদ্দিন তালুকদাৰক সাধাৰণ সম্পাদক হিচাপে লৈ অনুষ্ঠিত হোৱা এই সভাত উপস্থিত থাকে এবিএমছুৰ সাধাৰণ সম্পাদক টাইচন হুছেইন, এবিএমছুৰ সদস্যসকলৰ লগতে অঞ্চলটোৰ স্থানীয় ৰাইজ ৷

এবিএমছুৰ নাগৰিক সভা উপলক্ষে শনিবাৰে পুৱাৰ ভাগত চাফাই অভিযান, পতাকা উত্তোলন, শ্বহীদ তৰ্পণ আৰু বিয়লি এখনি মুকলি সভা অনুষ্ঠিত কৰা হয় ৷ চিৰাং জিলা এবিএমছুৰ সভাপতি আনোৱাৰ হুছেইনৰ সভাপতিত্বত অনুষ্ঠিত এই মুকলি সভাত এবিএমছুৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি ছামছুল হক মণ্ডল, উপ সভাপতি আলী আজজম শ্বেখ, সাধাৰণ সম্পাদক টাইছন হুছেইন, বেচৰকাৰী সংস্থাৰ লক্ষ্মী ছেত্ৰীকে আদি কৰি কেইবাজনো বিশিষ্ট ব্যক্তিয়ে ভাষণ প্ৰদান কৰে । শনিবাৰে চিৰাঙৰ ভৱানীপুৰত অনুষ্ঠিত এই সভাতে এবিএমছুৰ ৪১ জনীয়া ভৱানীপুৰ আঞ্চলিক সমিতিখনো গঠন কৰা হয় ৷

লগতে পঢ়কঃপুনৰ ক'ভিড ! মুখ্য সচিবে জাৰি কৰিছে জৰুৰী নিৰ্দেশ

ABOUT THE AUTHOR

...view details