চিৰাং,2 মাৰ্চ:চিৰাং জিলাৰ কাজলগাঁৱত সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ এবিএমছুৰ কেন্দ্ৰীয় সমিতিৰ দুঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৷ কাৰণ চিৰাং জিলা প্ৰশাসনে ছাত্ৰ সংগঠনটোক গণতান্ত্ৰিক পদ্ধতিৰে আন্দোলন কৰাৰ অনুমতি প্ৰদান কৰাৰ পাচতে পুনৰ সেই অনুমতি বাতিল কৰে ৷ তাৰ পাচতে ক্ষোভিত হৈ পৰে সংগঠনটোৰ নেতা কৰ্মী সকল ৷ বিগত মাহৰ 22 ফেব্ৰুৱাৰীত সংগঠনটোৱে প্ৰতিবাদ কৰাৰ বাবে অনুমতি লাভ কৰিছিল ৷ কিন্তু পুনৰ অনুমতি বাতিল কৰাত মঙলবাৰে চিৰাঙত দুঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে সংগঠনটোৱে ৷
চিৰাঙত এবিএমছুৰ দুঘন্টীয়া অৱস্থান ধৰ্মঘট - এবিএমছুৰ কেন্দ্ৰীয় সমিতি
চিৰাং জিলা প্ৰশাসনে বিটিচি সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ এবিএমছুক গণতান্ত্ৰিক পদ্ধতিৰে আন্দোলন কৰাৰ অনুমতি প্ৰদান কৰাৰ পাচতে পুনৰ সেই অনুমতি বাতিল কৰাত ক্ষোভিত হৈ পৰে সংগঠনটোৰ নেতা কৰ্মী সকল ৷ সেয়েহে মঙলবাৰে চিৰাঙত দুঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে সংগঠনটোৱে ৷

চিৰাঙত এবিএমছুৰ দুঘন্টীয়া অৱস্থান ধৰ্মঘট
চিৰাঙত এবিএমছুৰ দুঘন্টীয়া অৱস্থান ধৰ্মঘট
সংগঠনটোৰ বিভিন্ন দাবী উত্থাপন কৰি ৰাষ্ট্ৰীয় ঘাই পথতে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে বুলি সংগঠনটোৰ সম্পাদক টাইচন হুচেইনে জানিবলৈ দিয়ে ৷ এবিএমছুৰ প্ৰয়াত সভাপতি লাফিকুল ইচলাম হত্যাকাৰীক গ্ৰেপ্তাৰ কৰা,ভূমিহীন লোকক ভূমিপট্টা দিয়া,গোষ্ঠী সংঘৰ্ষত ক্ষতিগ্ৰস্থ লোকক পুনৰ সংস্থাপন দিয়া আদি দাবীৰে দুঘন্টীয়া অৱস্থান ধৰ্মঘট ৰূপায়ন কৰি জিলা উপায়ুক্তৰ জৰিয়তে প্ৰধানমন্ত্ৰীলৈ স্মাৰক পত্ৰ দিয়াৰ বাবে এই আন্দোলন কৰিছিল যদিও হঠাতেই অনুমতি বাতিল কৰাক লৈ জিলা প্ৰশাসনক ধিক্কাৰ জনায় ছাত্ৰ নেতা জনে।