অসম

assam

ETV Bharat / state

18 বছৰে পৰিত্যক্ত হৈ থকা চিকিৎসালয় পৰিদৰ্শন বিধায়ক জয়ন্ত বসুমতাৰীৰ - বিটিআৰৰ

বিগত 18 বছৰে পৰিত্যক্ত হৈ থকা চিৰাঙৰ বাসুগাঁৱৰ 30 খন বিচনাযুক্ত চিকিৎসালয় পৰিদৰ্শন চিদলীৰ বিধায়ক জয়ন্ত বসুমতাৰীৰ । মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা কৰি অতি শীঘ্ৰে চিকিৎসালয় খন কাৰ্যক্ষম কৰি তোলাৰ প্ৰতিশ্ৰুতি প্ৰদান বিধায়ক গৰাকীৰ ।

Chirang abandoned 30 beaded hospital
18 বছৰে পৰিত্যক্ত হৈ থকা চিকিৎসালয় পৰিদৰ্শন বিধায়ক জয়ন্ত বসুমতাৰীৰ

By

Published : May 27, 2021, 1:59 PM IST

চিৰাং,27 মে’: বুধবাৰে চিৰাঙৰ বাসুগাঁৱৰ 30 খন বিচনা যুক্ত চিকিৎসালয় ভ্ৰমণ কৰে চিদলীৰ বিধায়ক জয়ন্ত বসুমতাৰীয়ে ৷ বিধায়ক গৰাকীয়ে বিগত 18 বছৰে বন্ধ হৈ থকা চিকিৎসালয়খন পৰিভ্ৰমন কৰে আৰু মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা কৰি চিকিৎসালয়খন কাৰ্যক্ষম কৰি তোলাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ।

18 বছৰে পৰিত্যক্ত হৈ থকা চিকিৎসালয় পৰিদৰ্শন বিধায়ক জয়ন্ত বসুমতাৰীৰ

উল্লেখ্য যে, বাসুগাঁৱত বিগত 2004 চনতে বিটিচি গঠনৰ পিচত 30 খন বিচনা যুক্ত চিকিৎসালয় নিৰ্মাণ কৰা হৈছিল বাসুগাঁও পৌৰসভাৰ 2নং ৱাৰ্ডৰ খাগ্ৰাবাৰীত । চিকিৎসালয় খনৰ সকলো আচবাব অতি সুন্দৰভাৱেই নিৰ্মাণ কৰা হৈছিল । আনকি কেইবা কোটি টকা খৰচ কৰি চিকিৎসকৰ বাবে আবাসিক গৃহও নিৰ্মাণ কৰিছিল চৰকাৰে । কিন্তু আটক ধুনীয়াকৈ নিৰ্মাণ কৰা চিকিৎসালয় খন নিৰ্মাণ কৰা হ’ল যদিও বিগত 18 বছৰে মুকলিহে নহ’ল ।

18 বছৰে পৰিত্যক্ত হৈ থকা চিকিৎসালয় পৰিদৰ্শন বিধায়ক জয়ন্ত বসুমতাৰীৰ

বৰ্তমান উক্ত চিকিৎসালয়ত গৰু-ছাগলীৰ জিৰণি চ’ৰা আনকি একাংশ লোকৰ জুৱা খেলৰ আড্ডা তথা মদ্যপানৰ ঘাটিলৈহে পৰিণত হৈছে । চাৰিওকাষ ঘন জংঘলেৰে আৱৰি পৰিছে উক্ত চিকিৎসালয়খন । কোটি টকীয়া চিকিৎসালয় এতিয়া জহি খহি যাব ধৰিছে । ইফালে বিটিচি প্ৰশাসন বা অসম চৰকাৰে কোনো গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাছিল । আনকি কোনো নেতা, মন্ত্ৰী তথা বিধায়কেও পৰিদৰ্শন কৰিবলৈ অহা নাছিল চিকিৎসালয়খন । প্ৰায়ে এই অভিযোগ উত্থাপন কৰি আহিছে স্থানীয় ৰাইজে ৷

বুধবাৰে বিধায়ক জয়ন্ত বসুমতাৰীয়ে এই পৰিতক্ত অৱস্থাত পৰি ৰোৱা চিকিৎসালয় খন যিকোনো প্ৰকাৰে অতি শীঘ্ৰে সোনকালে কাৰ্যক্ষম কৰি তোলা হ’ব বুলি মন্তব্য প্ৰকাশ কৰে । যিহেতু মুখ্যমন্ত্ৰীয়ে অসম খনক উন্নত ৰাজ্য হিচাপে গঢ় দিয়াৰ চিন্তা কৰি আছে । সেয়ে বিশ্বাস মুখ্যমন্ত্ৰীৰে আলোচনা কৰি ইয়াক কাৰ্যক্ষম কৰি তোলাৰ চেষ্টা কৰা হ’ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে বিধায়ক জয়ন্ত বসুমতাৰীয়ে ।

বিটিআৰৰ সকলো প্ৰয়োজনীয় ঠাইত চিকিৎসালয় স্থাপনৰ ওপৰত বিটিআৰৰ মুখ্য প্ৰমোদ বড়োৱে গুৰুত্ব দিছে আৰু সেয়ে সকলোৱে গুৰুত্ব সহকাৰে লৈ আগবাঢ়ি যাব বুলিও উল্লেখ কৰে বিধায়ক গৰাকীয়ে । তেওঁ লগতে বাসুগাঁও চহৰত অগ্নি নিৰ্বাপক কেন্দ্ৰ স্থাপন আৰু শিক্ষানুষ্ঠান গঢ়ি তোলাৰ ওপৰতো গুৰুত্ব প্ৰদান কৰে চিদলীৰ বিধায়ক জয়ন্ত বসুমতাৰীয়ে ৷

লগতে পঢ়ক:বুদ্ধ পূৰ্ণিমাৰ বাবে বন্ধ থাকিল লাওখোৱা সহকাৰী স্বাস্থ্য কেন্দ্ৰ

ABOUT THE AUTHOR

...view details